প্ৰেমিকৰ সৈতে কাজিয়া কৰি ১৫০ ফুট উচ্চতাৰ বিদ্যুৎ টাৱাৰত উঠিল এগৰাকী যুৱতী। অভিমান ভাঙিবলৈ প্ৰেমিকাৰ পিছে পিছে টাৱাৰটোৰ ওপৰলৈ উঠি গ’ল প্ৰেমিকো ৷ এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।
ভাইৰেল ভিডিঅ’টোত দেখা পোৱা অনুসৰি এটা বিশাল টাৱাৰ আৰু তাৰ ওপৰত যুৱতীগৰাকী। তেওঁক ভালকৈ দেখা পোৱা নাযায়। টাৱাৰৰ ওপৰত সৰু ক’লা বিন্দু এটা হিচাপেহে তেওঁক দেখা যায়। ভিডিঅ’টোত জুম কৰিলে টাৱাৰটোত এটা নহয়, দুটা ক’লা বিন্দু দেখা যায়। দ্বিতীয় জন হ’ল ছোৱালীজনীৰ প্ৰেমিক। তেতিয়াও সি টাৱাৰৰ ওপৰলৈ একেবাৰে যাব পৰা নাছিল। লাহে লাহে সি অলপ অলপকৈ বগাই প্ৰেমিকাৰ ওচৰ চাপিবলৈ চেষ্টা চলাইছে ৷
ছত্তীশগড়ৰ গোৰেলা পেন্দ্ৰ মাৰৱাহী জিলাত সংঘটিত হৈছে এই ঘটনা। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাৰ খবৰ পাই অঞ্চলটোত উপস্থিত হয় আৰক্ষী। ৩০ মিনিটৰ ভিতৰতে দুয়োজন লোকক টাৱাৰৰ পৰা নিৰাপদে নমাই অনা হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱতীগৰাকীৰ নাম অনিতা। কাষৰীয়া গাঁৱৰ মুকেশ নামৰ যুৱক এজনৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈছিল। শেহতীয়াকৈ কোনো এটা বিষয়ক লৈ তেওঁলোকৰ মাজত বিবাদ হৈছিল। খঙতে যুৱতীগৰাকীয়ে টাৱাৰত উঠি যায় । যুৱকজনেও তেওঁক বচাবলৈ টাৱাৰটোত উঠি যায় ৷ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।