ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে সংবিধানৰ মৌলিক গাঁথনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। দিল্লী আমোলা নিয়ন্ত্ৰণ বিধেয়ক সন্দৰ্ভত ৰাজ্যসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে সংবিধানৰ মৌলিক গাঁথনিৰ আইনী ভিত্তি অতি বিতৰ্কিত। দিল্লীত আমোলাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় বিধেয়কখন সংবিধানৰ মৌলিক গাঁথনিৰ বিৰোধী বুলি আজি ৰাজ্যসভাত কেইবাজনো বিৰোধী সাংসদে দাবী কৰে। তেওঁলোকক উত্তৰ দিবলৈ গৈ গগৈয়ে এই মন্তব্য কৰে।
সোমবাৰে গগৈৰ মন্তব্যৰ পিছত কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে যে মোডী চৰকাৰে গগৈৰ মন্তব্যক সমৰ্থন কৰিছে নেকি? কংগ্ৰেছ নেতা কে চি ভেনুগোপালে কয়, ‘এজন প্ৰাক্তন মুখ্য ন্যায়াধীশে সংবিধানৰ মৌলিক গাঁথনিৰ আইনী ভিত্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সংবিধান ভংগ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপত আৰম্ভ কৰাৰ এইটোৱেই নেকি বিজেপিৰ কৌশল? সংবিধানৰ নীতি অনুসৰণ নকৰাসকলে বিতৰ্কিত এজন প্ৰাক্তন মুখ্য ন্যায়াধীশ থিয় কৰাই সংবিধানক আক্ৰমণ কৰিছে।“ অৱসৰৰ পূৰ্বে তেওঁৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অযোধ্যাত ৰাম মন্দিৰৰ সপক্ষে ৰায়দান কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যকালত তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ নিযুক্তি কমিটীয়ে এই অভিযোগ খাৰিজ কৰে। আজি গগৈৰ ভাষণৰ সময়ত এই ঘটনাৰ প্ৰতিবাদত জয়া বচ্চন, প্ৰিয়ংকা চতুৰ্বেদী, বন্দনা চাৱন, সুস্মিতা দেৱৰ দৰে মহিলা সাংসদ সকলে সদন ত্যাগ কৰে।
যদিও সংবিধানত মৌলিক গাঁথনিৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও কেছাৱনন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে সংবিধানৰ মৌলিক গাঁথনিৰ কথা প্ৰকাশ কৰিছিল ৷ আদালতৰ ৰায় আছিল যে সংবিধান সংশোধন কৰিলেও ইয়াক সলনি কৰিব নোৱাৰি। ইপিনে দিল্লী আমোলা নিয়ন্ত্ৰণ বিধেয়কলৈ সমর্থন আগবঢ়াই ৰঞ্জন গগৈয়ে কয় যে এই বিধেয়কখন সঠিক আৰু আইনীভাৱে বৈধ ৷