ইৰাণে হিজাব বিৰোধী আন্দোলন বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ হিজাব পৰিধান নকৰিলে জেল আৰু জৰিমনাৰ পিছত মানসিক চিকিৎসা আৰু মৰ্গ চাফাইৰ দৰে কার্য শাস্তিৰ তালিকাত সংযোজন হ’ল।
৬১ বছৰীয়া আফছান বায়েগুন হিজাব বিৰোধী আন্দোলনৰ সমৰ্থক। তেহৰাণৰ আদালতে এইগৰাকী পেছাদাৰী অভিনেত্ৰীক দুবছৰৰ কাৰাদণ্ড বিহে। ইয়াৰ উপৰিও তেওঁ সপ্তাহত এদিন মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যাবলগীয়া হয়। আদালতৰ দাবী যে আফছান মানসিকভাৱে অসুস্থ। হিজাব পৰিধান নকৰাৰ এই মানসিকতাৰ পৰাই তেওঁৰ মাজত ‘চৰিত্ৰহীনতাৰ’ বীজ ৰোপন হ’ব পাৰে ৷ কিন্তু আফছান নতুন নহয়, আন এগৰাকী ইৰাণী অভিনেত্ৰী আজাদেহ ছামাদীক ইৰাণৰ আদালতে একে শাস্তি প্ৰদান কৰিছে। ছামাদীয়ে ‘অপৰাধ’ অনুষ্ঠানৰ সময়ত হিজাবৰ সলনি টুপী পিন্ধিছিল। আনকি স্কুললৈ যোৱা ছোৱালীবোৰকো এই ‘মনোবৈজ্ঞানিক চিকিৎসা’ৰ পৰা ৰেহাই দিয়া নহ’ব ৷
আন এটা গোচৰত আদালতে এগৰাকী মহিলাক হিজাব পৰিধান নকৰাৰ বাবে এমাহৰ বাবে মৰ্গৰ মৃতদেহ পৰিষ্কাৰ কৰিবলৈ শাস্তি প্ৰদান কৰে। গাড়ী চলোৱাৰ সময়ত মহিলাগৰাকীয়ে হিজাব পৰিধান কৰা নাছিল। সেইটোৱেই চূড়ান্ত অপৰাধ বুলি দাবী কৰে ন্যায়াধীশসকলে।
মাহছা আমিনিৰ মৃত্যুক লৈ সৃষ্টি হোৱা প্ৰতিবাদ দমনৰ বাবে দেশৰ প্ৰশাসনে ধাৰাবাহিকভাৱে দমনমূলক নীতি গ্ৰহণ কৰিছে। কাৰাদণ্ড, জৰিমনা, গাড়ী বাজেয়াপ্ত আদিৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কতৰি আহিছে । ব্যক্তিগত সংগঠনত কৰ্মৰত মহিলাসকলকো হিজাব পৰিধান নকৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে প্ৰশাসনে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইৰাণৰ সংসদে জুলাই মাহৰ শেষৰ ফালে মহিলাৰ স্বাধীনতা আৰু হিজাব সম্পৰ্কীয় বিধেয়ক প্ৰস্তাৱ কৰিছিল। ইয়াৰ দ্বাৰা পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৷