মুক্তি পালে ৰজনীকান্তৰ বহু প্ৰত্যাশিত ছবি ‘জেইলৰ’। তামিলনাডু আৰু কৰ্ণাটকত ছবিখন চাবলৈ দর্শকৰা মাজত তীব্ৰ হাবিয়াস দেখা গৈছে ৷ তেওঁৰ অভিনয়ৰ ‘মেজিক’ চাবলৈ আগ্ৰহী প্ৰিয় অভিনেতাগৰাকীৰ অনুৰাগীয়ে প্ৰথম দিনাই চিনেমা হলত ধুমুহাৰ সৃষ্টি কৰে। ‘জেইলৰ’ক লৈ এই উৎকণ্ঠা তামিলনাডু আৰু কৰ্ণাটকৰ বিদ্যালয়-মহাবিদ্যালয় আৰু কাৰ্যালয়তো বিয়পি পৰিছে।
প্ৰিয় অভিনেতাগৰাকীৰ ছবিখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকা ৰাজ্য দুখনৰ দুখন চহৰ চেন্নাই আৰু বেংগালুৰুত বৃহস্পতিবাৰে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে। লগতে কেইবাটাও কোম্পানীয়ে এই ছবিখনৰ বিনামূলীয়া টিকট কৰ্মচাৰীসকলক বিতৰণ কৰে। তেনে এটা সংগঠনৰ জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। চেন্নাইৰ কোম্পানীটোৱে তেওঁলোকৰ সকলো কৰ্মচাৰী আৰু বিষয়াক পৰিয়ালৰ সৈতে ছবিখন চাবলৈ অনুমতি দিছে। বুধবাৰে এক জাননীযোগে কোম্পানীটোৱে কয় যে কোম্পানীটোৰ সকলো কৰ্মচাৰীকে ৰজনীকান্তৰ ছবি ‘জেইলৰ’ চাবলৈ ১০ আগষ্টত ছুটী দিয়া হৈছে।
কোম্পানীটোৱে লগতে কয় যে কেৱল চেন্নাইয়েই নহয়, কোম্পানীটোৰ বেংগালুৰু, ত্ৰিচি, তিৰুনেলভেলী, চেংগালপট্টু, আলাগাপ্পান নগৰৰ সকলো শাখাও বন্ধ থাকিব। এক প্ৰতিবেদন অনুসৰি ছবিখন চাবলৈ ইতিমধ্যে প্ৰায় ১৩ কোটি টকাৰ টিকট বিক্ৰী কৰা হৈছে। ইয়াৰ ভিতৰত তামিল ভাষাত ছবিখন চোৱাৰ টিকট বিক্ৰী হৈছে ১১.৫ কোটি টকাতকৈও অধিক। আৰু তেলেগু ভাষাত ছবিখন চোৱাৰ টিকট বিক্ৰী হৈছে এক কোটি টকাৰ। দুবছৰৰ অন্তত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ৰজনীকান্ত। তেওঁৰ এই ছবিখন চাবলৈ তেওঁৰ অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই আছিল। ৰজনীকান্তৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তমন্না ভাটিয়াই। ‘কবলীয়া’ শীর্ষক গীতে ইতিমধ্যে দৰ্শকৰ আকৰ্ষণ কৰিছে।