টকিঅ’ পেৰা অলিম্পিকত ইতিহাস গঢ়িলে ভাৰতৰ অবনী লেখাৰাই।টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকত প্ৰথমটো সোণৰ পদকৰ সোৱাদ দিলে এই গৰাকী শ্বুটাৰে।
১০ মিটাৰ এয়াৰ ৰাইফলত এই জয় সাব্যস্ত কৰিছে খেলুৱৈ গৰাকীয়ে।পেৰা অলিম্পিকত প্ৰথম ভাৰতীয় মহিলা হিচাপে নিজৰ নাম খোদিত কৰিলে অবনীয়ে।
পেৰা অলিম্পিকত প্ৰথম বাৰৰ বাবে সোণৰ পদক লাভ কৰা অবনীৰ বয়স মাত্ৰ ১৯ বছৰ।উল্লেখ যোগ্য যে এই জয়ৰ যোগেদি অবনীয়ে বিশ্ব ৰেকৰ্ড গঢ়িবলেও সক্ষম হৈছে ।
ফাইনেললৈ যোগ্যতা অৰ্জন কৰা খেল খনত ৭ নম্বৰ স্থানত থকা অবনীয়ে ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে ২৪৯.৬ পইন্ট অৰ্জন কৰিবলৈ সক্ষম হ’য়।ইউক্ৰেইনৰ ইৰিনাৰ লগত যুগ্মভাৱে এই বিশ্ব ৰেকৰ্ড গঢ়ে অবনীয়ে।
উল্লেখ যোগ্য যে টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ এইয়া চতুৰ্থটো বিজয়।ইয়াৰপূৰ্বে টেবুল টেনিছত ভাবিনা পেটেলে ৰূপ, হাই জাম্পত নিষাদ কুমাৰে ৰূপ পদক জয় কৰিছিল। একেদৰে ডিছকাছ থ্ৰ’ত বিনোদ কুমাৰে পদক লাভ কৰিছিল যদিও ফলাফলৰ এক বিসংগতি হোৱাত পুনৰ পৰ্যালোচনা কৰাৰ পিছতহে পদক জয়ৰ নিশ্চয়তা প্ৰদান কৰিব।