মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি পেনেলত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ‘গুৰুত্বপূৰ্ণ ভূমিকা’ আছে । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নতুন বিধেয়কখনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সেই সমিতিত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটযোগে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। ন্যায়পালিকাৰ ওচৰত তেওঁৰ আবেদন- “আমাৰ দেশক বচাওক!”
উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়াৰ নিৰ্দেশক আওকাণ কৰি সংসদলৈ বিধেয়ক আনিছে কেন্দ্ৰই। ‘মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ অৱস্থা আৰু কাৰ্যকাল) বিধেয়ক, ২০১৩’ নামৰ নতুন বিধেয়কখনত মুখ্য নিৰ্বাচন নিযুক্তিৰ পেনেলত দেশৰ মুখ্য ন্যায়াধীশৰ নাম নাই । প্ৰস্তাৱিত বিধেয়কখনত তেওঁৰ ঠাইত এজন কেবিনেট মন্ত্ৰীক স্থান দিয়া হৈছে। বিধেয়কখনৰ মতে, মুখ্য নিৰ্বাচন আয়ুক্তকে ধৰি বিভিন্ন নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়াৰ ক্ষমতা প্ৰধানমন্ত্ৰী, লোকসভাত বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন মন্ত্ৰীৰ ওপৰত নিহিত হৈ থাকিব ।
তৃণমূলে অভিযোগ কৰিছে যে এই বিধেয়কৰ জৰিয়তে বিজেপিয়ে প্ৰকৃততে নিৰ্বাচন আয়োগৰ ওপৰত নিজৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। শনিবাৰে বিয়লি মমতাই এটা টুইটত লিখিছে, “বিজেপিয়ে ন্যায়পালিকাৰ ওচৰত প্ৰণাম কৰাৰ পৰিৱৰ্তে অৰাজকতাৰ আগত প্ৰণাম কৰিছে! মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তিৰ বাবে তিনিজনীয়া কমিটীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনত তেওঁৰ (উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ)ৰ ঠাইত কেবিনেট মন্ত্ৰী নিযুক্তি দিয়াৰ সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। ন্যায়পালিকাৰ অৱজ্ঞাৰ বিৰুদ্ধে সমগ্ৰ দেশে প্ৰশ্ন উত্থাপন কৰা উচিত। তেওঁলোকে ন্যায়পালিকাক কেংগাৰু আদালতলৈ ৰূপান্তৰিত কৰিব বিচাৰে নেকি? ভাৰতৰ বাবে ন্যায়পালিকাৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আমাৰ দেশক বচাওক!”