বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত জাৰি কৰা ৰেড এলার্টৰ পৰিপ্ৰেক্ষিতত ১৪ আৰু ১৫ আগষ্টত উত্তৰাখণ্ডত চাৰি ধাম যাত্ৰা স্থগিত ৰখা হৈছে।উত্তৰাখণ্ডত প্ৰচণ্ড বৰষুণৰ ফলত বৃদ্ধি পোৱা নদী আৰু ইয়াৰ নৈসমূহৰ বাঢ়নী পানীয়ে বদ্ৰীনাথ, কেদাৰনাথ আৰু গংগোত্ৰী মন্দিৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহ প্লাৱিত কৰি পেলাইছে ৷
ৰুদ্ৰপ্ৰয়াগ, দেৱপ্ৰয়াগ আৰু শ্ৰীনগৰত গংগা, মন্দাকিনী আৰু অলকানন্দ নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে ৷ তদুপৰি ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি কেইবাটাও পথ বন্ধ কৰি পেলাইছে।
তেহৰিৰ কুঞ্জাপুৰী বাগৰ্ধৰৰ সমীপত হোৱা ভূমিস্খলনে ঋষিকেশ-চাম্বা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ বিপৰীতে ঋষিকেশ-দেৱপ্ৰয়াগ-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাখনীধৰত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। প্ৰায় ১১৬৯টা ঘৰ আৰু বৃহৎ পৰিমাণৰ কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈছে।
বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰি কয় যে ডেৰাডুন আৰু নাইনিতালকে ধৰি ছখন জিলাত ধাৰাসাৰ বৰষুণ হ’ব। ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ ফলত কমেও ৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন লোক নিৰুদ্দেশ হৈ আছে।আইএমডিয়ে এক বিবৃতিত কয় যে, ‘মৌছুমীয়ে হিমালয়ৰ পাদদেশত অৱস্থান কৰাৰ বাবে দক্ষিণ-পশ্চিম আৰব সাগৰৰ বতাহে হিমালয়ৰ পাদদেশত আঘাত কৰিছে।“