চলিত মাহতে আন এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব ৰাজ্যবাসী ৷ চলিত মাহত আকাশত দ্বিতীয়টো ব্লু মুন পৰিলক্ষিত হ’ব ৷ ইয়াক ছুপাৰমুন হিচাপেও অভিহিত কৰা হয় ৷ কিয়নো এই সময়ত চন্দ্ৰটো আকাশত যথেষ্ট ডাঙৰকৈ দেখা যায় ৷ যিহেতু চন্দ্ৰটো সেই সময়ত পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰে । আগষ্ট মাহৰ প্ৰথম দিনটোত ছুপাৰমুন প্ৰত্যক্ষ কৰা হৈছিল ৷ সেই সময়ত চন্দ্ৰ পৃথিৱীৰ পৰা ৩,৫৭,৫৩০ কিলোমিটাৰ দূৰত্বত আছিল। দ্বিতীয়টো ব্লুমুন অহা ৩০ আগষ্টত প্ৰত্যক্ষ হ’ব ৷ এইবাৰ চন্দ্ৰটো পৃথিৱীৰ অধিক ওচৰ চাপিব ৷ চন্দ্ৰই পৃথিৱীৰ পৰা ৩৫৭,২৪৪ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিব ।
ব্লুমুন কি?
এবছৰৰ যেতিয়া অতিৰিক্ত পূৰ্ণিমা আহে তেতিয়া ইয়াক নীলা চন্দ্ৰ বা ব্লুমুন বুলি কোৱা হয় ৷ স্পেচ ডট কমৰ তথ্য অনুসৰি ব্লুমুন দুই প্ৰকাৰৰ – ঋতুভিত্তিক আৰু মাহেকীয়া।
ব্লুমুন কিয় বিশেষ?
নাছাৰ মতে সাধাৰণতে ডেৰ-দুবছৰৰ মূৰে মূৰেহে এনেকুৱা ঘটনা পৰিলক্ষিত হয়। ১৯৪০ চনৰ পৰা ব্লুমুন শব্দটো এটামাহত দ্বিতীয় পূৰ্ণিমাৰ বাবেও ব্যৱহাৰ কৰা হয়। সাধাৰণতে ডেৰ-দুবছৰৰ মূৰে মূৰেহে এনেকুৱা পৰিঘটনা হয় ৷
চন্দ্ৰৰ পৰ্যায়সমূহৰ বিষয়ে ব্যাখ্যা কৰি মহাকাশ সংস্থাটোৱে আৰু কয় যে পূৰ্ণিমা চন্দ্ৰৰ মাজত প্ৰায় ২৯.৫ দিন ব্যৱধান থাকে, গতিকে ফেব্ৰুৱাৰী মাহত কেতিয়াও মাহেকীয়া ব্লুমুনৰ অভিজ্ঞতা নহ’ব ৷ কাৰণ ফেব্ৰুৱাৰীত সাধাৰণ বছৰত মাত্ৰ ২৮ দিন আৰু লিপইয়েৰত ২৯ দিন থাকে।