বলীউডৰ শীৰ্ষ তিনি খানৰ ভিতৰত চলমান খান অন্যতম। অনুৰাগীৰ প্ৰিয় ‘ভাইজান’। তিনি দশকৰো অধিক সময় বলীউডত কটোৱাৰ পাছতো তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। এতিয়ালৈকে ছলমানৰ ছবি চাবলৈ অনুৰাগীৰ ভিৰ দেখা যায় ৷ মায়ানগৰীৰ অন্যতম ধনী তাৰকা। তৎসত্বেও ছলমান খানে এবাৰ নিজে শৌচাগাৰ চাফা কৰিব লগা হৈছিল।
শেহতীয়াকৈ ছলমানে ‘বিগ বছ অ’টিটি ২’ৰ মঞ্চত নিজৰ জীৱনৰ কাহিনী প্ৰকাশ কৰে ৷ ‘বিগ বছ’ৰ ঘৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে পূজা ভাটক প্ৰশংসা কৰে। তাৰ পিছতো নিজৰ জীৱনৰ উদাহৰণ দি ছলমানে কয় যে বৰ্ডিং স্কুলত পঢ়ি থাকোঁতে তেওঁ নিজেই শৌচাগাৰ চাফা কৰিছিল। আনকি জেলত থকাৰ সময়তো তেওঁ একে কাম কৰিবলগীয়া হৈছিল বুলি দাবী কৰে তাৰকাগৰাকীয়ে। ছলমানৰ ভাষাত, “মই নিজৰ কাম নিজেই কৰাত অভ্যস্ত।”
চলিত বৰ্ষত ছলমানৰ প্ৰথমখন ছবি মুক্তি পোৱাৰ পিছত বক্স অফিচত বিশেষ সফলতা লাভ কৰা নাই । ‘কিছি কা ভাই কিছি কা জান’ চিনেমাখন আৰ্থিকভাৱে ইমান সফল নহ’ল। কিন্তু পৰৱৰ্তী ছবিখনক লৈ আশাবাদী ছলমান। যশ ৰাজ ফিল্মছৰ ‘টাইগাৰ ৩’ত ‘টাইগাৰ’ হিচাপে ঘূৰি আহিছে। ‘টাইগাৰ’ ফ্ৰেঞ্চাইজিৰ বক্স অফিচৰ অভিলেখ বেয়া নহয়। ফলত সেই ছবিখনক লৈ ভাইজান অনুৰাগীৰ মাজত আশাৰ সৃষ্টি হৈছে। চলিত বৰ্ষৰ দীপাৱলীত মুক্তি পাব ছবিখন।