বলিউডৰ পাছতে হলিউডত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰিয়ংকা চোপ্ৰাই ৷ অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ এগৰাকী সফল উদ্যোগীও। অভিনয়ৰ লগতে ইতিমধ্যে তেওঁ প্ৰযোজনাও আৰম্ভ কৰিছে ৷ এজন উদ্যোগী হিচাপে ইতিমধ্যে তেওঁৰ এটা সফল প্ৰসাধন সামগ্ৰী কোম্পানীও আছে। দুবছৰমান আগতে নিউয়ৰ্কততেওঁ ‘সোনা’ নামৰ ৰেষ্টুৰেণ্ট এখনো খুলিছিল। কিন্তু এইবাৰ প্ৰিয়ংকাই ৰেষ্টুৰেণ্টৰ ব্যৱসায় বন্ধ কৰিলে । প্ৰিয়ংকাৰ এনে সিদ্ধান্তৰ কাৰণ কি?
শেহতীয়াকৈ লণ্ডনৰ পৰা ছুটী লৈ আমেৰিকালৈ উভতি আহিছিল প্ৰিয়ংকা চোপ্ৰা জোনাছ। এতিয়া প্ৰিয়ংকাৰ স্বামী নিক জ’নাছ ‘জোনাছ ব্রাদার্ছ’ৰ সৈতে ‘দ্য ট্যুৰ’ত ব্যস্ত৷ প্ৰিয়ংকাক এতিয়া তেওঁৰ বিভিন্ন কনচাৰ্টত দেখা যায়। ‘চিটাডেল’ৰ পিছত এইবাৰ অভিনেত্ৰীগৰাকীয়ে ‘হেডছ অৱ ষ্টেট’ ছিৰিজৰ শ্বুটিং কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি তেওঁৰ কন্যা মাল্টিকো দিব লাগে সময় ৷ মুঠতে বর্তমান ভীষণ ব্যস্ত হৈ পৰিছে প্ৰিয়ংকা ৷ সেয়েহে তেওঁ ৰেষ্টুৰেণ্টৰ ব্যৱসায় বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷