তামুলপুৰৰ আঙৰকাটাত বেলখুটি বিনয়াপুৰ মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তিনিদিয়া মিনি ফুটবল খেলৰ চূড়ান্ত খেল বৃহস্পতিবাৰে বিয়লিৰ ভাগত অনুষ্ঠিত হৈ যায়। লক্ষিনাৰায়ণপুৰ বনাম বিৰসা মুন্ডা বেলখুটি ক্লাবৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত দৰ্শকৰ ব্যাপক উৎসুকতা বৃদ্ধি কৰে। আজিৰ এই চূড়ান্ত খেলৰ পূৰ্বে স্থানীয় বিধায়ক জলেন দৈমাৰী, স্থানীয় এম চি এল য়ে বিজিত গৌৰা নাৰ্জাৰী,নাগ্ৰিজুলী সমষ্টিৰ প্ৰাত্তন ই এম ৰবীন্দ্ৰ বালা বিশ্বাসৰ লগতে সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তামুলপুৰ জিলাৰ সভাপতি বিমল দাস, কুমাৰিকাটা আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ বাৰা, আটচাৰ বাক্সা জিলাৰ উপদেষ্টা জেচাই বাগ, স্থানীয় সমাজ কর্মী সুজন পাল,ইমানুৱেল মুৰমুই খেলুৱৈ সকলৰ উৎসাহ বৃদ্ধি কৰাৰ লগতে বিধায়ক গৰাকীয়ে চূড়ান্ত খেলখন আৰম্ভ কৰি দিয়ে। খেলত বির্চা মুণ্ডা বেলখুটি ক্লাৱে লক্ষ্মীনাৰায়পুৰ ক্লাৱক ২-১ গল প্ৰদান কৰি বিজয় সাব্যস্ত কৰে।উল্লেখ যে বিজয় সাব্যস্ত কৰা দলটোক নগদ ধন প্ৰদান কৰাৰ লগতে বিজয়ী ট্ৰফী প্ৰদান কৰা হয়। আনহাতে ৰানাৰ্ছ আপ দলটিকো ট্ৰফী প্ৰদানেৰে সন্মান জনোৱা হয়।