এজন বা দুজন নহয়, ৫০০ৰো অধিক ভাস্কৰ্য্য শিল্পী থকা ভাৰতৰ এখন গাঁও ৷
ভাৰতৰ কোন ৰাজ্যত আছে বাৰু এই গাওঁখন ?
যিখন গাঁৱত ঘৰে ঘৰে কৰা হয় মূৰ্তি নিৰ্মাণৰ কাম ৷
গাঁৱত দিনে নিশাই শুনা যায় শিল কটাৰ শব্দ।
ভাৰতৰ বিহাৰৰ গয়াৰ পাথাৰকট্টি নামৰ এখন গাঁও ,য’ত ঘৰে ঘৰে মূৰ্তি নিৰ্মাণৰ কাম কৰা হয়। এই গাঁৱৰ ইতিহাসো অতি আমোদজনক। ইয়াৰ মানুহে প্ৰব্ৰজন নকৰে কাৰণ সকলোৰে নিজৰ নিজৰ কাম আছে। এইখন গাঁৱত সৰু সৰু মূৰ্তিৰ পৰা ডাঙৰ মূৰ্তিলৈকে বহু মূৰ্তি নিৰ্মাণ কৰা হয় ।
এই পাথাৰকট্টি গাঁওখনেই হয়তো ৰাজ্যৰ একমাত্ৰ গাঁও, য’ত এজন বা দুজন নহয় ৫০০ৰো অধিক ভাস্কৰ্য্য শিল্পী আছে। এই শিপিনীসকল গাঁওখনৰ স্থানীয় লোক। গাঁৱখনত সোমোৱাৰ লগে লগে এই মূৰ্তি নিৰ্মাণৰ শব্দ শুনা যায়।
পাহাৰেৰে আগুৰি থকা এই গাঁৱৰ ৰাস্তাই হওক বা ভিতৰৰ অঞ্চল, সকলোতে সেই একেই দৃশ্য। ইয়াত ২০ টকাৰ পৰা ২০ লাখ টকা মূল্য পৰ্য্যন্ত মূৰ্তি তৈয়াৰ কৰা হয় আৰু এই মূৰ্তিবোৰ দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে বিক্ৰী হয়৷ বিদেশী লোকেও ভাল পায় এিইখন গাঁৱৰ শিল্পী সকলৰ শিল্পকৰ্ম । জাপান, ছুইজাৰলেণ্ডকে ধৰি আন আন দেশৰ পৰ্যটকসকলেও নিজৰ দেশলৈ লৈ যায় ইয়াৰ মূৰ্তিসমূহ ।
বহু শতিকা পুৰণি এই পাথাৰকট্টি গাঁওখনৰ ইতিহাস ৷ই,টি.ভি.ভাৰতবৰ্ষৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এই গাঁওখনত জনবসতি ১৭ শতিকাৰ পৰাই । কোৱা হয় যে ১৭২০ খ্ৰীষ্টাব্দত ৰাজস্থানৰ পৰা গৌৰ পৰিয়াল ইয়ালৈ অনা হৈছিল। সেই সময়ত ইন্দোৰৰ ৰাণী অহিল্যবাই হোলকৰে গৌৰ পৰিয়ালক ইয়ালৈ লৈ আহিছিল। তাৰ পাছত বিষ্ণুপদ মন্দিৰ নির্মাণত যিবোৰ শিল ব্যৱহাৰ হ’ব লাগিছিল সেইবোৰ কেৱল শিল কটা সকলৰ মাজৰ পৰা বাছি লোৱা হ’ল৷ ইয়াৰ পৰা পোৱা শিলটোৰ সহায়ত বিষ্ণুপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এইদৰে ইন্দোৰৰ ৰাণী অহিল্যবাই হোলকাৰে বিষ্ণুপদ মন্দিৰ নিৰ্মাণ কৰিছিল, যি মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাস্কৰ্য্য শিল্পী সকলৰ কাৰুকাৰ্য্যৰ অতুলনীয়। এই মন্দিৰ দৰ্শন কৰিলেই শিল্পীসকলৰ কাৰুকাৰ্য্যৰ আভাস পাব পাৰি ৷
গাওঁখনত ঘৰে ঘৰে ভাস্কৰ্য্ শিল্পী: পাথাৰকট্টি গাঁৱত মুঠ বাসিন্দা ২৫০ৰ পৰা ৩০০ ঘৰ। গাওঁখনৰ ঘৰে ঘৰে ভাস্কৰ্য্য শিল্পী । গাঁৱখনৰ বাসিন্দাসকলৰ মূৰ্তি নিৰ্মাণেই একমাত্ৰ কাম। দিনটো কেৱল মূৰ্তি নিৰ্মাণতেই ব্যস্ত হৈ থাকে গাওঁখনৰ প্ৰতিজন বাসিন্দা ৷এনে পৰিস্থিতিত গাওঁখনৰ কোনেও যেন বাহিৰলৈ ওলাই যোৱাৰ কথাও ভাবিব নোৱাৰে।ইয়াত নিৰ্মিত মূৰ্তি সমগ্ৰ দেশতে বিখ্যাত।
গাওঁখনত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে এই ব্যৱসায় যাৰ বাবে এই বিশেষ গাওঁখনৰ প্ৰতিজন লোকেই স্বাৱলম্বী।