এটিএম চুৰি কৰি ধন লুটাৰ পৰিকল্পনা কৰিছিল চোৰে ৷ সেই উদ্দেশ্যৰে চোৰৰ দলটোৱে নিশা ২ বজাত আহি উপস্থিত হ’ল এটিএম থকা স্থানত ৷ আৰম্ভ হ”র ছওর্র্ অভিযান ৷ কিন্তু যেন তেওঃলোকৰ বাবে ৰৈ আচিল দুর্ভাগ্য ৷ এটিএম মেচিন খুলি হতবাক হৈ পৰিল চোৰৰ দলটো ৷ কিয়নো এটিএমৰ ভিতৰত নাছিল নগদ ধন ৷
এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰ চহৰৰ সমীপৰ এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ অটোমেটেড টেলাৰ মেচিন (এটিএম)ত ৷ নগদ ধন নথকাৰ বাবে খালী হাতেৰে চোৰৰ দলটো উভতি যাবলগীয়া হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
পালঘৰ তালুকৰ মাছৱান গাঁৱত সংঘটিত হৈছে এই ঘটনা। মেন’ৰ আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা মতে, “ৰাষ্ট্ৰীয়কৃত বেংকৰ এটিএম কিয়স্কত পুৱা ২ বজাৰ ওচৰত চোৰৰ দলটো প্ৰৱেশ কৰে। কেৱল এটিএম বাকচ ভাঙি খুলি দিয়াই নহয়, কোঠাটোৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাৰো ক্ষতিসাধন কৰে চোৰে ।”জানিব পৰা মতে মেচিনটোৰ কিছু মেৰামতিৰ কাম চলি থকাৰ বাবে ভিতৰত নগদ ধন জমা কৰা হোৱা নাছিল ৷ অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, যিসকলৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই বুলিও তেওঁ লগতে কয়