প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ ১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস । ব’ বা টাই আচলতে আমাৰ এক ফেশ্বন বা অলংকাৰ, যাৰ আছে এক নিজা দীঘলীয়া ইতিহাস । যুগ যুগ ধৰি মানুহৰ পৰিধানৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট প্ৰভাৱ আছে।
এই বিশেষ দিনটোৰ উদ্দেশ্য হৈছে আমাৰ প্ৰত্যেককে ব’(টাই) পিন্ধিবলৈ উৎসাহিত কৰাৰ লগতে ইয়াৰ সৌন্দৰ্য্যৰ বৈশিষ্ট্যৰ বিষয়ে বিশ্ববাসীক অৱগত কৰি ইয়াৰ প্ৰতি মানুহক আকৰ্ষণ কৰা৷
১৭ শতিকাতেই কঁপাহ,মখমল আদি বিভিন্ন সামগ্ৰীৰে নিৰ্মিত এই ব’ৰ জন্ম হৈছিল ক্ৰ’ৱেচিয়াত ৷ য’ত ক্ৰূছিয়ান যুদ্ধৰ সময়ত ক্ৰ’ৱেচিয়ান ভাড়াতীয়া সৈন্যই নিজৰ চাৰ্টৰ ওপৰৰ বুটামবোৰ একেলগে ধৰি ৰাখিবলৈ ডিঙিত স্কাৰ্ফ বান্ধিছিল। পৰৱৰ্তী সময়ত ফৰাচী উচ্চ শ্ৰেণীয়ে এই শৈলী গ্ৰহণ কৰি ইয়াক এক নতুন পৰিচয় দিলে,যাৰ নাম ৰখা হৈছিল ‘ক্ৰেভেট’। লাহে লাহে ১৮-১৯ শতিকাত ‘ক্ৰেভেট’ৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে আৰু ক্ৰমান্বয়ে ই আজিৰ এই ৰূপ পালে।
শতিকাৰ পৰিৱৰ্তনৰ সময়লৈকে ব’ টাই পুৰুষৰ আনুষ্ঠানিক সাজ-পোছাকৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছিল। ২০ শতিকাৰ শেষলৈকে ই প্ৰতিটো ঘৰতেই যেন নিজৰ স্থান দখল কৰিলে৷
লাহে লাহে ইয়াক শিক্ষাবিদ, চিকিৎসকসকলেও গ্ৰহণ কৰিলে, তাৰ পিছতেই ই এটা বিশেষ পৰিচয় লাভ কৰিলে আৰু কালক্ৰমত ই নিশ্চিতভাৱে শেহতীয়া ফেশ্বনৰ এক অভিন্ন অংশ হৈ পৰিল।
সেয়েহে এই বিশেষ দিনটোৰ গুৰুত্ব কোনো কাৰণতেই অস্বীকাৰ কৰিব নোৱাৰি।