টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা ইলন মাস্কে ‘মাইক্ৰ’ ব্লগিং চাইটটোত বিভিন্ন পৰিৱৰ্তন আনিছে। সেই পৰিৱৰ্তনক লৈ কেতিয়াবা তেওঁ বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে। বহুতে পৰিৱৰ্তনৰ সপক্ষে সমর্থনো প্ৰকাশ কৰিছে ৷ কিন্তু শেহতীয়াকৈ ইলন মাস্কে অনা পৰিৱৰ্তনে বহু লোকক ক্ষুব্ধ আৰু বিচলিত কৰি তুলিছে। ইলন মাস্কে প্ৰকাশ কৰা অনুসৰি ‘এক্স’ নামেৰে জনাজাত মাইক্ৰ’ ব্লগিং চাইটটোত কাৰোবাক ‘ব্লক’ কৰাৰ সুবিধা এতিয়া বাতিল কৰা হৈছে। এই ঘোষণা ৰাজহুৱা হোৱাৰ লগে লগে টুইটাৰত সক্ৰিয় হৈ থকাসকল ক্ষুব্ধ হৈ পৰে। তেওঁ কয় যে সুযোগ বন্ধ কৰাৰ কোনো ন্যায্যতা নাই।
বহুতৰে মতে, ব্লক ফিচাৰ আঁতৰাই দিলে ছ’চিয়েল মিডিয়াত বিভিন্ন অসুবিধাৰ সৃষ্টি হ’ব। ঠাট্টা, কুৎসিত মন্তব্য, বিভিন্ন ধৰণৰ অসামাজিক পোষ্টৰ সংখ্যা বাঢ়িব। যিবোৰ প্ৰফাইলৰ পোষ্ট আপুনি চাব নিবিচাৰে বা যিয়ে আপোনাৰ পোষ্ট আনে শ্বেয়াৰ কৰাটো নিবিচাৰে সেইবোৰ প্ৰফাইল ব্লক কৰাটোৱেই উত্তম। কিন্তু মাস্কৰ শেহতীয়া ঘোষণাত স্পষ্ট হৈ পৰিছে যে সেই সুবিধা আৰু উপলব্ধ নহ’ব ৷
কেৱল টুইটাৰতে নহয়, সকলো ছ’চিয়েল মিডিয়াত অবাঞ্চিত পোষ্ট আঁতৰাই পেলাবলৈ এই ব্লক কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল। অপ্ৰয়োজনীয় বিৰক্তিৰ পৰা হাত সাৰিবলৈ আটাইতকৈ সহজ উপায় হৈছে বল্ক কৰাৰ সুবিধা । কিন্তু এতিয়াৰ পৰা টুইটাৰত সেই সুযোগ নাই। কিন্তু ব্লক কৰাৰ কোনো সুযোগ নাথাকিলেও ইয়াক ‘ম্যুট’ কৰিব পাৰিব। অৰ্থাৎ কাৰোবাৰ পোষ্ট চাব নিবিচাৰিলে টুইটাৰত ম্যুট কৰিব পাৰে। প্ৰফাইলটো নিস্তব্ধ কৰক, সেই প্ৰফাইলৰ পৰা কোনো পোষ্ট নটিফিকেচন নাহে। কিন্তু টাইমলাইনত দেখা পাই থাকিব সেই প্ৰফাইল ৷