সমগ্ৰ বিশ্বত এনে বহু লোক আছে যিসকল অপৰিসীম সম্পত্তিৰ অধিকাৰী ৷ আজি আমি আপোনালোকক ক’বলৈ ওলাইছো তেনে এজন ব্যক্তিৰ কথা যি নিজৰ সম্পত্তিৰ বাবে সমগ্ৰ বিশ্ব বিখ্যাত ৷
তেওঁ হ’ল ব্ৰুনাইৰ চুলতান হাছানাল বলকিয়া ইবনি ওমৰ আলী ছাইফুদ্দিন তৃতীয় ৷ ৩০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক সম্পত্তি থকা বিশ্বৰ মাত্ৰ কেইজনমান ৰজাৰ ভিতৰত অন্যতম ব্ৰুনাইৰ চুলতান হাছানাল বলকিয়া ইবনি ওমৰ আলী ছাইফুদ্দিন তৃতীয়।
বিশ্বৰ অন্যতম ধনী ব্যক্তি হাছানাল বলকিয়াৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১৫ জুলাইত ব্ৰুনাই চহৰত। ১৯৬৭ চনত যুক্তৰাজ্যৰ ৰয়েল মিলিটাৰী একাডেমী চেণ্ডহাৰ্ষ্টৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।
পিতৃয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ১৯৬৭ চনৰ ৫ অক্টোবৰত তেওঁ ব্ৰুনাইৰ চুলতান হয়।
উল্লেখনীয় যে বিশ্বৰ সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে হাছানাল বলকিয়াৰ ৰাজপ্ৰসাদ। কেৱল এয়াই নহয়, তেওঁৰ ৰাজপ্ৰসাদৰ গম্বুজত লগোৱা হৈছে ২২ কেৰেট সোণৰ আৱৰণ । তথ্য অনুসৰি এই ৰাজপ্ৰসাদটোৰ ব্যয় ২৫৫০ কোটি টকা। ৰাজপ্ৰসাদত আছে পাঁচটা চুইমিং পুল, ২৫৭টা বাথৰুম আৰু ১৭০০ৰো অধিক কোঠা । ৰাজপ্ৰাসাদটোত ২০০টা ঘোঁৰাৰ আস্তাবলৰ লগতে আছে ১১০টা এয়াৰ কণ্ডিচনাৰযুক্ত গেৰেজ ।
দ্য ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি চুলতান বলকিয়াই ব্যক্তিগত ব্যৱহাৰৰ বাবে বয়িং ৭৪৭ বিমান ক্ৰয় কৰিবলৈ ৩ হাজাৰ কোটি টকা ব্যয় কৰিছে। এই জেটত আছে ১২ কোটি মাৰ্কিন ডলাৰৰ ৱাছ বেচিন । খবৰ অনুসৰি ব্ৰুনাইৰ চুলতানৰ ৭ হাজাৰ বাহনৰ বহৰ আছে, য’ত আছে ৩০০খন ফেৰাৰী আৰু ৫০০খন ৰ’লছ ৰয়েচ। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ব্যক্তিগত চিৰিয়াখানাৰ মালিক হাছানাল বলকিয়া, য’ত আছে ৩০টাকৈ বাঘ (বেংগল টাইগাৰ)।
আচৰিত যেন লাগিলেও সঁচা যে চুলতানে চুলি কটাৰ বাবে খৰচ কৰে ২০,০০০ মাৰ্কিন ডলাৰ ।