বৰ্তমান সময়ত অসমৰ সংবাদ মাধ্যমৰ এক জলন্ত বিষয় শিক্ষানুষ্ঠানত শিক্ষকৰ সাজ-পোচাক ৷ শিক্ষানুষ্ঠানলৈ পাঠদান কৰিবলৈ যোৱাৰ সময়ত কি সাজ পৰিধান কৰিব শিক্ষক সকলে ৷ যাক লৈ সামাজিক মাধ্যমতো বিভিন্ন তৰ্ক-বিতৰ্ক চলা দেখা গৈছে ৷ আনহাতে শাসনাধিস্থিত চৰকাৰ খনেও এই বিষয়টোত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ লগতে শিক্ষক সকলৰ সাজ-পোচাকৰ ক্ষেত্ৰত এখন তালিকা প্ৰস্তুত কৰা দেখা গৈছে ৷
কিন্তু বৰ্তমান সময়ত এই সন্দৰ্ভত সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল যে এখন দেশৰ শৈক্ষিক পৰিবেশক প্ৰকৃতাৰ্থত কিহে পৰিচালিত কৰে?
প্ৰকৃত শিক্ষাই নে শিক্ষক সকলে পৰিধান কৰা সাজ পোচাকে?
অৱশ্যেই অসমত উত্থাপিত হোৱা জাতীয় সাজ-পাৰৰ প্ৰসংগ অমূলক নহয় ৷ নিজৰ জাতীয় সাজযোৰক নিশ্চয় কোনেও ঘৃণাৰ চকুৰে নাচাই বা পিন্ধিও বেয়া নাপাই ৷ কিন্তু প্ৰশ্ন হ’ল যেতিয়া এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে এক দূৰণিবটীয়া অঞ্চললৈ পাঠদানৰ বাবে যাব লগীয়া হয় সেই সময়ত তেওঁ কি কৰিব ?
জাতীয়তাবোধক প্ৰাধান্য দিব নে নিজৰ জাতীয় সাজ যোৰক ৷
এই বিষয়টোক লৈ ইতিমধ্যেই সামাজিক মাধ্যম সমূহতো বহু বাক-বিতণ্ডা হোৱা দেখা গৈছে ৷ কোনোৱে যদি কৈছে যে মেখেলা-চাদৰ পৰিধান কৰি বিদ্যালয়লৈ যাওঁতে বাটত তেওঁ বিভিন্ন সমস্যাৰ সন্মূখীন হৈছে,কোনোবা হয়তো দুৰ্ঘটনাতো পতিত হৈছে কিন্তু আনফালে আকৌ হয়তো কোনোবাই কৈছে যে বিদ্যালয়লৈ মেখেলা-চাদৰযোৰ পিন্ধি যোৱাটোহে অধিক গ্ৰহণ যোগ্য ৷
কিন্তু যি সময়ত আমাৰ শাসনাধিস্থিত চৰকাৰ খনকে আৰম্ভ কৰি সাধাৰণ ৰাইজে ব্যস্ত হৈ আছে শিক্ষকৰ সাজ-পোচাক পৰিধান কৰাৰ দৰে এটি বিষয়ত ঠিক তেনে সময়তে বিশ্বৰ উন্নত দেশ সমূহত হয়তো শিক্ষানুষ্ঠান সমূহত এটি এটি শিশুৱে হয়তো কৰিছে আমাৰ সাধাৰণ মগজুৱে ঢুকি নোপোৱা কিবা এক নতুন অৱিষ্কাৰ ৷
প্ৰকৃততে আমি কিহত গুৰুত্ব দিয়া উচিত বাৰু?
শিক্ষাত নে সাজ-পোচাকত ?
অৱশ্যেই শিক্ষানুষ্ঠানলৈ এযোৰ মাৰ্জিত সাজ পৰিধান কৰি যোৱা কথাটোৱে এক সুন্দৰ শৈক্ষিক পৰিবেশ সৃষ্টি কৰে শিশুসকলৰ ওপৰতো প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে যাৰ প্ৰভাৱ পৰে নিশ্চয়কৈ ৷
কিন্তু বৰ্তমান অসমৰ যি পৰিস্থিতি বা শিক্ষা বা অন্যান্য ক্ষেত্ৰ সমূহতো চৰ্চাৰ যি বিষয় সেই বিষয়সমূহৰ ফলত নৱপ্ৰজন্ম কিমান উপকৃত হ’ব সেয়া অতিকৈ চিন্তনীয় ৷
মেখেলা-চাদৰ নাইবা ধূতি-কূৰ্তা পিন্ধি হয়তো প্ৰতিজন অসমীয়াই ভাল পাই ,গৌৰৱ অনুভৱ কৰে ৷কিন্তু বহু সময়ত দূৰণিবটীয়া যাত্ৰা অতিক্ৰম কৰি এনে সাজৰ পৰা যেতিয়া এজন ব্যক্তি অসুবিধাৰ সন্মূখীন হয় তেতিয়া তেওঁৰ কাষত হয়তো কোনো নাথাকে৷
জাতীয় উৎসৱ নাইবা সময় সাপেক্ষে জাতীয় সাজযোৰ পিন্ধা শোভনীয় যি আমাৰ সভ্যতা সংস্কৃতিকো প্ৰতিফলিত কৰে ৷ কন্তু সেইবুলি কৰ্মক্ষেত্ৰত এই সাজ বাধ্যতামূলক কৰাতো কিমান যুক্তিসংগত ?
ই কেনে প্ৰভাৱ পেলাব পাৰে সমাজত?
কি ভাৱে আপুনি?