সমাগত উপ-নিৰ্বাচন। তেনে সময়তে দিল্লীৰ অসম হাউচত দুই মন্ত্ৰী-বিধায়ক পীয়ুষ হাজৰিকা আৰু অখিল গগৈয়ে আধা ঘন্টীয়া এক বৈঠকত মিলিত হোৱা খবৰে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।
জানিব পৰা মতে শনি বাৰৰ পৰা দিল্লীত বাহৰ পাতি থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দিল্লীৰ অসম হাউচত থকা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে প্ৰায় আধা ঘন্টা সময়ৰ এক বৈঠকত মিলিত হ’য়।
এই খবৰ বিয়পি পৰাৰ লগে লগেই অসমৰ ৰাজনৈতিক মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছিল যদিও মন্ত্ৰী পীয়ুষ হাজৰিকাই এই বৈঠক এক সৌজন্য মূলক সাক্ষাৎ বুলিহে মন্তব্য কৰে।
যিহেতু একেটা হাউচতে থকা বিধায়ক জনৰ লগত একাপ চাহ খাবলেহে মিলিত হৈছিল বুলি উল্লেখ কৰাৰ লগতে সমষ্টিৰ উন্নয়নৰ কথা পতা বুলিহে জানিব দিয়ে।বিপৰীতে ৰাজনৈতিক কথাৰ আলোচনা কৰা নাই বুলি উল্লেখ কৰে।ইয়াৰলগতে মন্ত্ৰী জনে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰক এক সৌজন্যমুলক সাক্ষাৎ কৰাৰ কথাও জানিব দিয়ে।
ইফালে এই খবৰ বিয়পি পৰাৰ লগে লগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয় যে এজন বিধায়কে এজন মন্ত্ৰীক লগ কৰাটো কোনো অপৰাধ নহ’য় আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপৰিও আন বহু মন্ত্ৰী –বিধায়কক লগ কৰাটো মোৰ কৰ্তব্য বুলি কয়।
২০০৫ চনৰ পৰা মই কৰি অহা আপোচহীন সংগ্ৰাম খন আৰু মোৰ আদৰ্শক এনে সমালোচনাৰে অপমান নকৰিবলৈও আহ্বান জনাই ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই বুলি স্পষ্ট কৰি দিয়ে বিধায়ক জনে।