এইবাৰ জি-২০ বৈঠকৰ সভাপতিত্ব কৰিছে ভাৰতে। ৰাজধানী নতুন দিল্লীক ৰাষ্ট্ৰপতিসকলৰ এই বৈঠকৰ স্থান হিচাপে বাছনি কৰা হৈছে। অহা ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দান অঞ্চলৰ ভাৰত মাণ্ডপাম কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব জি-২০ বৈঠক। এই উপলক্ষে দিল্লী চৰকাৰে তিনিদিনীয়া বন্ধৰ ঘোষণা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব।ইয়াৰ উপৰিও দিল্লী চৰকাৰে বেংকৰ পৰা আৰম্ভ কৰি সকলো বিত্তীয় প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানো বন্ধ কৰাৰ নিৰ্দেশ দিছে । সমগ্ৰ ৰাজধানীত যাতায়ত নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
জি-২০ৰ বৈঠকত অংশগ্ৰহণ কৰিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। এই বৈঠকত জি-২০ৰ সদস্য দেশৰ অন্যান্য প্ৰতিনিধিও অংশগ্ৰহণ কৰিব।
ৰাজধানীৰ পথত যাতায়তৰ সময়ত যাতে আমেৰিকা, চীন, ফ্ৰান্স, কানাডাৰ প্ৰতিনিধিয়ে যাতায়তৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে দিল্লী চৰকাৰে বন্ধৰ দিন ঘোষণা কৰিছে। দিল্লী আৰক্ষীৰ মতে, ৮ ছেপ্টেম্বৰৰ পৰা প্ৰতিনিধি দলটোৰ এটা অংশ দিল্লীত উপস্থিত হ’বলৈ আৰম্ভ কৰিব। দিল্লীৰ বিভিন্ন বিলাসী হোটেলত তেওঁলোকৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে। বিমানবন্দৰৰ পৰা হোটেল আৰু প্ৰগতি ময়দানলৈ যাতায়তৰ পথত যাতে কোনো সমস্যা নহয় তাৰ ওপৰত চকু ৰাখিছে আৰক্ষীয়ে।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, আৰক্ষী বিষয়াৰ কেইবাটাও দল গঠন কৰা হৈছে। দিল্লীৰ পথৰ কিছুমান বিশেষ স্থানত আৰক্ষীৰ দল মোতায়েন কৰা হ’ব। আৰক্ষীৰ দাবী, ৰাজধানীৰ পথৰ কেইবাটাও অঞ্চল বেৰিকেডেৰে আগুৰি ৰখা হ’ব। দিল্লী আৰক্ষীয়ে জনোৱা মতে, মধ্যপ্ৰদেশৰ পৰা মহিলা আৰক্ষীৰ এটা দলে বিশেষ প্ৰশিক্ষণ লৈ আহিছে। আৰক্ষীয়ে আশ্বাস দিয়ে যে দিল্লী আৰক্ষী ৰাষ্ট্ৰপতিসকলক সুৰক্ষা প্ৰদানৰ বাবে সম্পূৰ্ণ সাজু।