মিজোৰামত আজি সংঘটিত হৈছে এক ভয়াৱহ দুর্ঘটনা ৷ এখন নির্মীয়মাণ ৰেল দলং ভাঙি পৰাৰ ফলত কমেও ১৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী জোৰমথাংগাই। তেওঁ প্ৰকাশ কৰা অনুসৰি উদ্ধাৰৰ কাম জোৰদাৰভাৱে চলি আছে।
Under construction railway over bridge at Sairang, near Aizawl collapsed today; atleast 17 workers died: Rescue under progress.
Deeply saddened and affected by this tragedy. I extend my deepest condolences to all the bereaved families and wishing a speedy recovery to the… pic.twitter.com/IbmjtHSPT7
— Zoramthanga (@ZoramthangaCM) August 23, 2023
সংবাদ সংস্থা পিটিআইৰ মতে, পুৱা প্ৰায় ১০ বজাত দলংখনৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত হঠাৎ এটা অংশ খহি পৰে। সেই সময়ত তাত কমেও ৩৫ৰ পৰা ৪০ জন শ্ৰমিকে কাম কৰি আছিল। এই পৰ্যন্ত ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ধ্বংসাৱশেষৰ পৰা। আৰু বহুকেইজন শ্ৰমিক ধ্বংসস্তুপৰ ভিতৰত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । যুদ্ধকালীন ভাৱে উদ্ধাৰ অভিযান চলি আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা।
বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও আইছল দলং দুর্ঘটনাক লৈ শোক প্ৰকাশ কৰে। মালদাৰ পৰা কেইবাজনো লোক তালৈ কাম কৰিবলৈ গৈছে। তেওঁলোকৰ স্থিতি সন্দৰ্ভত সোধা-পোছা কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে মমতা বেনার্জীয়ে ৷