৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমৰ শিল্পী আৰু কলা-কুশলীসকলক অভিনন্দন জনাইছে আম আদমি পাৰ্টীয়ে। বিভিন্ন শিতানত ৬টা বঁটাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক উজলাই তোলা চিনেমা জগতৰ অভিনেতা-অভিনেত্ৰীসকলৰ লগতে পৰ্দাৰ আঁৰৰ শিল্পী তথা কলা-কুশলীসকলে অসমবাসীক আজি গৌৰৱান্বিত কৰিছে।
কুলদা কুমাৰ ভট্টাচাৰ্যই ‘হাতীবন্ধু’ চিনেমাৰ বাবে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত আম আদমি পাৰ্টীয়ে শিল্পীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে। শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ দ্বাৰা ‘অনুৰ’ আৰু শ্ৰেষ্ঠ মিচিং চলচ্চিত্ৰ হিচাপে ‘বোম্বা ৰাইড’ সন্মানিত হৈছে। এই দুয়োখন ছবিৰ সমূহ কলা-কুশলীৰ লগতে প্ৰযোজক-পৰিচালকক আপৰ সভাপতি ডা৹ ভবেন চৌধুৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰেষ্ঠ নৃতাত্ত্বিক ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে তিৱা ছবি ফায়াৰ অন এদজ্ ( ‘Fire on Edge’) সন্মানিত হোৱাত ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলীকো দলটোৱে শুভেচ্ছা জনায়। ব্যতিক্ৰমী চলচ্চিত্ৰ ‘অনুৰ’ত অভিনয় কৰা ডাঃ জাহানাৰা বেগমে জুৰীৰ বিশেষ উল্লেখ সন্মান লাভ কৰাত আম আদমি পাৰ্টীয়ে শিল্পীগৰাকীকো শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ‘অনুনাদ’ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছে আৰু ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলী দলটোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।