শুকুৰবাৰে পাঠশালাৰ ভগৱতী ক্ষেত্ৰৰ পৰা অভিজিত ভট্টাচাৰ্য্যৰ “অৰ্ধাঙ্গিনী” নাটখনিৰ জৰিয়তে ২০২৩-২৪ বৰ্ষৰ ৪৪ বছৰীয়া সোণালী মঞ্চ যাত্ৰা আৰম্ভ কৰে আৱাহন থিয়েটাৰে । অভূতপূৰ্ব দৰ্শকৰ সমাগমেৰে কালিএই নাট্য সন্ধিয়াত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক ড° ভৱেন্দ্ৰ নাথ শইকীয়া স্মাৰক বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, আৱাহনৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা শইকীয়াকে ধৰি কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷ এই অনুষ্ঠানত উপস্থিত থাকি আৱাহন থিয়েটাৰৰৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সকলোৰে আশীৰ্বাদ শিৰত লৈ আৱাহনে মঞ্চ সফল নাট পৰিৱেশন কৰি দৰ্শকক আমোদ দিব বুলি আশা প্ৰকাশ কৰে ৷
নটৰাজৰ আশীষ শিৰত লৈ আৱাহন থিয়েটাৰে ৪৪তম সোণালী বৰ্ষৰ যাত্ৰা আৰম্ভ কৰিবছে ৷ পাঠশালাৰ ভগৱতী ক্ষেত্ৰৰ পৰা অভিজিত ভট্টাচাৰ্য্যৰ বলিষ্ঠ সংযোজন “অৰ্ধাঙ্গিনী” নাটখনিৰ জৰিয়তে মঞ্চ যাত্ৰা আৰম্ভ কৰে । এইবেলি আৱাহনে মঞ্চস্থ কৰিবলগীয়া আন দুখন নাটক হৈছে ‘মোৰ তেজ,মোৰ মৰম’ আৰু ‘সতী বেউলা” ৷ ইতিমধ্যে থিয়েটাৰখনৰ তিনিওখন নাটকৰ গীতে জনপ্ৰিয়তা লাভ কৰিছে ৷