শনিবাৰে সমগ্ৰ দেশ আন এক ঐতিহাসিক মহেন্দ্ৰাক্ষনৰ সাক্ষী হ’ল । পুৱা ১১:৫০ বজাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সূর্য অভিযানৰ উদ্দেশ্যেৰে উৎক্ষেপন কৰিলে আদিত্য-এল১ মহাকাশ যান ৷ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ লঞ্চিং পেডৰ পৰা পুৱা ১১:৫০ বজাত ভাৰতীয় ৰকেট ‘পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল’ (পি এছ এল ভি)ৰ জৰিয়তে উৰা মাৰে। আদিত্য-এল১ উৎক্ষেপনৰ লগে লগে সমগ্ৰ দেশতে এক আনন্দৰ জোৱাৰ পৰিলক্ষিত হয় । বিভিন্ন স্থানৰ পৰা লাইভ ষ্ট্ৰীমিংৰ জৰিয়তে দেখা গ’ল আদিত্য-এল১ৰ উৎক্ষেপনৰ মুহূৰ্ত।যোৱা ২৩ আগষ্টত ইছৰোৰ তৃতীয়খন মহাকাশযানে চন্দ্ৰ স্পৰ্শ কৰিছিল। সন্ধিয়া ৬:৪০ বজাত ৰভাৰ প্ৰজ্ঞানক লৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে তৃতীয় চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম। আৰু ১০ দিনৰ ভিতৰতে এইবাৰ ইছৰোৰ সৌৰ মহাকাশযান আদিত্য-এল১ সফলতাৰে সূৰ্য্যৰ ফালে উৰা মাৰিলে।
ভাৰতৰ পৰা সূৰ্য্যলৈ প্ৰেৰণ কৰা প্ৰথমখন মহাকাশ যান আদিত্য-এল১। সূৰ্য্যৰ আন এটা নাম আদিত্য। সেয়েহে মহাকাশযানখনৰ নাম ৰখা হৈছে আদিত্য । ইছৰোৰ মতে, মহাকাশযানখন সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ ‘হেলো’ কক্ষপথৰ লেগ্ৰেঞ্জ পইণ্ট বা এল ১ পইণ্টত স্থাপন কৰা হ’ব। প্ৰায় ১৫ লাখ কিলোমিটাৰ যাত্ৰা কৰি গন্তব্য স্থানত উপস্থিত হ’ব মহাকাশযানখন। প্ৰায় ১২০ দিন সময় লাগিব। সূৰ্য্যৰ বায়ুমণ্ডলৰ বিভিন্ন তথ্য সংগ্ৰহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছে আদিত্য-এল১।
ইছৰোৰ সূত্ৰ অনুসৰি আদিত্য-এল১ উৎক্ষেপণৰ পিছত প্ৰায় ১৬ দিন পৃথিৱীক প্ৰদক্ষিণ কৰিব। এই ১৬ দিনত আদিত্যই পাঁচটা পৰ্যায়ত গতি বৃদ্ধি কৰি সূৰ্য্যৰ ফালে পাৰ হ’ব। ইয়াৰ পিছত ই ১১০ দিন সূৰ্য্যৰ ফালে যাত্ৰা কৰি নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি পৰ্যবেক্ষণ কৰিব। এই লেগ্ৰেঞ্জ বিন্দুত সূৰ্য্য আৰু পৃথিৱীৰ আকৰ্ষণ আৰু বিকৰ্ষণ বলবোৰে একেলগে ক্ৰিয়া কৰে। ফলত কৃত্ৰিম উপগ্ৰহ এই অঞ্চলত উপনীত হোৱাৰ পিছতো স্থবিৰ হৈ থাকিব পাৰে। আদিত্য-এল১-এ মহাকাশৰ বায়ুমণ্ডল, বতৰ, ইয়াৰ ওপৰত সূৰ্য্যৰ প্ৰভাৱ জানিবলৈ চেষ্টা কৰিব।
আদিত্য-এল১ বাহনখনে মুঠ ৭টা পেলোড কঢ়িয়াই লৈ ফুৰে। সূৰ্য্যৰ বিভিন্ন স্তৰ বিতংভাৱে নিৰীক্ষণ কৰিব পৰাকৈ এইবোৰৰ ডিজাইন কৰা হৈছে। এই পেলোডবোৰে ফটোস্ফিয়াৰৰ পৰা ক্ৰম’স্ফিয়াৰ বা সূৰ্য্যৰ আটাইতকৈ বাহিৰৰ স্তৰ ক’ৰ’নালৈকে যিকোনো বস্তু পৰ্যবেক্ষণ কৰিব। ইয়াৰ উপৰিও ই বিজ্ঞানীসকলক সৌৰ উত্তাপন, সৌৰ পদাৰ্থৰ নিৰ্গমন, সৌৰ ধুমুহা আদি সূৰ্যকেন্দ্ৰিক পৰিঘটনাসমূহ বুজিবলৈও সহায় কৰিব। ইয়াৰ দুটা মূল পেলোড হৈছে ভিজিবল ইমিছন লাইন ক’ৰ’নাগ্ৰাফী (VELC) আৰু ছ’লাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ (SUIT)। লেগ্ৰেঞ্জ পইণ্টত উপনীত হোৱাৰ পিছত ভিইএলচি পেলোডে প্ৰতিদিনে ১৪৪০খন ছবি প্ৰেৰণ কৰিব। গতিকে এই পেলোডক আদিত্য-এল১ৰ অন্যতম গুৰুত্বপূৰ্ণ পেলোড বুলি গণ্য কৰা হয়।
আন আন পেলোডসমূহ হ’ল — সৌৰ কম শক্তিৰ এক্স-ৰে স্পেকট্ৰমিটাৰ (SOLEXS), উচ্চ শক্তি এল ১ কৰ্বিটিং এক্স-ৰে স্পেকট্ৰমিটাৰ (HEL1OS), আদিত্য সৌৰ বতাহৰ কণা পৰীক্ষা (SPEX) আৰু আদিত্যৰ বাবে প্লাজমা বিশ্লেষক পেকেজ (PAPA)। মন কৰিব যে তৃতীয় চন্দ্ৰযানত চাৰিটা পেলোড আছে।
আদিত্য-এল১ অভিযানৰ বাবে আবণ্টন কৰা হৈছে প্ৰায় ৩৭৮.৫৩ কোটি টকা। এই অভিযান সফল হ’লে ইছৰোৱে সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও এই মহাকাশযানখনে সৌৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুজিবলৈও সহায় কৰিব। এই অভিযানৰ জৰিয়তে ভাৰতে সূৰ্য্যৰ বিষয়ে বহু অজ্ঞাত তথ্য লাভ কৰিব বুলি আশা কৰা হৈছে।