এছিয়া কাপৰ গ্ৰুপ লীগত ভাৰত-পাকিস্তানৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে। সম্পূর্ণ ইনিংছ খেলিব নোৱাৰিলে ৷ অহা দেওবাৰে ছুপাৰ ফ’ৰত পুনৰ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। সেই মেচখনক লৈও সন্দেহৰ সৃষ্টি হৈছে। কাৰণ দেওবাৰেও শ্ৰীলংকাৰ কলম্বোত বৰষুণৰ আশংকা কৰা হৈছে । পূৰ্বৰ মেচৰ দৰে যদি বৰষুণ হয়, তেন্তে দুয়োখন দেশৰ অনুৰাগী পুনৰ হতাশ হ’ব পাৰে।
দেওবাৰ, ১০ ছেপ্টেম্বৰত কলম্বোত গোটেই দিনটো বৰষুণৰ পূৰ্বাভাস জাৰি কৰা হৈছে । বৰষুণৰ সম্ভাৱনা ৯০ শতাংশ। বতৰ বিজ্ঞান বিভাগে বজ্ৰপাতৰ সৈতে বৰষুণৰ আগজাননী দিছে । ঘণ্টাত ১৫ৰ পৰা ৩০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে। যদি আগজাননী বাস্তৱ হয়, তেন্তে খেলখনত ব্যাঘাত জন্মিব পাৰে।
কলম্বোৰ প্ৰায় সকলো গ্ৰুপ মেচতে বৰষুণ দিছে । সেইবাবেই ছুপাৰ ফ’ৰৰ মেচসমূহ কলম্বোৰ পৰা স্থানান্তৰিত হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কলম্বোৰ সলনি হাম্বাণ্টোটা খেলাৰ কথা আছিল। কিন্তু শেষত এছিয়ান ক্ৰিকেট কাউন্সিলে মেচখন স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ পৰা আঁতৰি যায়। খবৰ অনুসৰি কলম্বোত চাৰিখন ছুপাৰ ফ’ৰ খেল অনুষ্ঠিত হ’ব।
এছিয়া কাপৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে মুখামুখি হৈছিল। পাক পেচাৰৰ প্ৰভাৱত দলটোৰ শীৰ্ষ অৰ্ডাৰটো ভাঙি পৰে। ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰে ৰান কৰিবলৈ সক্ষম নহ’ল । ইয়াৰ পিছত ঈশান কিষাণ আৰু হাৰ্দিক পাণ্ডিয়াই দলৰ ইনিংছ চম্ভালিলে। ঈশানে ৮২ ৰান আৰু হাৰ্দিকে ৮৭ ৰান সংগ্ৰহ কৰে।পিছত ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। খেল আৰম্ভ কৰিব পৰা নগ’ল। সেই ভয়টো অহা দেওবাৰে পুনৰ দেখা গৈছে।