ইউক্ৰেইনৰ যুদ্ধক লৈ গভীৰ ভূ-ৰাজনৈতিক বিভাজনৰ মাজতে গ্ৰুপ অৱ ২০ (জি-২০) প্ৰধান দেশৰ নেতাসকলে নতুন দিল্লীত একত্ৰিত হৈ বিশ্বৰ কিছুমান জৰুৰী সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব।
এই বছৰ গোটটোৰ নেতৃত্ব দিছে ভাৰতে ৷ ৯-১০ ছেপ্তেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব জি-২০ বৈঠক ৷ এই উপলক্ষে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া নেতাসকলৰ অন্যতম হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন , ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক আদি ৷ এই ভিভিআইপি অতিথিৰ বাবে নৈশযাপনৰ বাবে ক’ত ব্যৱস্থা কৰা হৈছে জানেনে ?
জো বাইডেন
নতুন দিল্লীত উপস্থিত হ’বগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আইটিচি মৌর্য্যত থাকিব। শুকুৰবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু শীৰ্ষ সন্মিলনত স্বচ্ছ শক্তিৰ পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।
ঋষি ছুনাক
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰত ভ্ৰমণৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণৰ সময়ত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ঋষি ছুনাকে। তেওঁ থাকিব ছাংৰি লা হোটেলত।
চীনৰ প্ৰতিনিধি দল
প্ৰধানমন্ত্ৰী লি কিয়াঙে চীনৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব ৷ জি-২০ত উপস্থিত নাথাকে ৰাষ্ট্ৰপতি জি জিনপিং ৷ দিল্লীৰ তাজ হোটেলত থাকিব এই প্ৰতিনিধি দলটো।
জাষ্টিন ট্ৰুডো
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো শনিবাৰ আৰু দেওবাৰে জি-২০ সন্মিলনৰ বাবে নতুন দিল্লীত উপস্থিত হোৱাৰ পূৰ্বে আছিয়ান সন্মিলনত অংশগ্ৰহণৰ বাবে ইণ্ডোনেছিয়ালৈ যাত্ৰা কৰিব। তেওঁ থাকিব দ্য ললিত হোটেলত
এন্থনী আলবানিজ
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ ভাৰত ভ্ৰমণ তিনিখন দেশ ভ্ৰমণৰ অংশ হ’ব, য’ত তেওঁ ইণ্ডোনেছিয়া আৰু ফিলিপাইনছতো ভ্ৰমণ কৰিব। জি-২০ ছামিটৰ বাবে তেওঁ ইম্পেৰিয়েল হোটেলত নিশা কটাব ৷