ৰাজ্যত অব্যাহত আছে বিজুলী সংকট ৷ প্ৰচণ্ড গৰমৰ মাজতে সঘন বিদ্যুৎ কর্তনত অতীষ্ঠ হৈ পৰিছে ৰাজ্যবাসী ৷ ইয়াৰ মাজতে আজি কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷
এই সাক্ষাৎ সন্দর্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয় –“অৰ্থনীতিৰ উৎপাদনশীল খণ্ডসমূহৰ বৃদ্ধিৰ ফলত শক্তিৰ চাহিদা ২৬% অভূতপূৰ্ব বৃদ্ধিৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ। অসমলৈ কমেও ৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন দিবলৈ মোৰ ব্যক্তিগত অনুৰোধ সদয়ভাৱে বিবেচনা কৰাৰ আশ্বাস দিছে, যিয়ে বৰ্তমানৰ বিদ্যুৎ ঘাটি দূৰ কৰাত সহায় কৰিব।“
লক্ষণীয় যে প্ৰচণ্ড গৰমে দহি নিয়াৰ সময়ত ঘণ্টাৰ পিছত ঘণ্টাজুৰি হোৱা লোডশ্বেডিঙে সাধাৰণ ৰাইজক অতীষ্ঠ কৰি তুলিছে ৷ আনকি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শক্তি বিভাগৰ বিৰুদ্ধে দল-সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷