বজালীত ছুপাৰি চিণ্ডিকেট চক্ৰক ধন দাবী কৰা ঘটনাই মুখা খুলি দিলে একাংশ আৰক্ষীৰ। একাংশ খকুৱা আৰক্ষীয়ে লুকুৱাই থোৱা লাখে লাখে টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চিআইডি ৷
বজালীৰ ভিন্ন স্থানৰ লগতে ধৃত এপিএছ বিষয়া গায়ত্ৰী সোণোৱালৰ মাতৃৰ বাসগৃহত ধাৰাবাহিকভাৱে চলি আছে অভিযান। ইতিমধ্যে আৰক্ষীয়ে প্ৰায় ৬৫ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এই অভিযানত বৃহৎ পৰিমানৰ নথি পত্ৰ জব্দ কৰা হৈছে । কিন্তু এতিয়াও চিআইডিয়ে এটা বিশেষ লেপটপৰ সন্ধান চলায় আছে ৷ সেই লেপটপটো বিচাৰি গায়ত্ৰী সোণোৱালৰ মাতৃৰ কমাৰ্চিয়েল কমপ্লেক্সত তালাচী অব্যাহত ৰাখিছে ।
শনিবাৰৰ অভিযানত চিআইডিয়ে মেটেল ডিটেকটৰ ব্যৱহাৰ কৰা হিচাপত ঘৰটোত সোণ কিম্বা আন বহুমূলীয়া ধাতু লুকুৱাই থোৱাৰো সন্দেহ কৰা হৈছে ৷আনকেইদিনৰ দৰে শনিবাৰৰ অভিযানত চিআইডিয়ে গায়ত্ৰীৰ স্বামী ববী সিঙক লগত লৈ অভিযান চলায় ৷
ছুপাৰি মাফিয়াক ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱা এছপি সিদ্ধাৰ্থ বুঢ়াগোঁহাই আৰু ডিএছপি পুস্কল গগৈৰ বিপদ এতিয়াও আতৰা নাই ৷ । শনিবাৰে আদালতে পুনৰ ৫ দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ কৰিছে বিষয়া দুগৰাকীক। যোৱা ৯ আগষ্টত ৰবিউল ইছলামে অভিযোগ দিয়াৰ পাছতে জালত পৰিছে সিদ্ধাৰ্থ বুঢ়াগোঁহাই, গায়ত্ৰী সোণোৱাল, পুস্কল গগৈৰ লগতে ১০ জন আৰক্ষী আৰু দালাল।