মহাকাশচাৰীসকলে চন্দ্ৰত থাকিবলৈ শক্তিৰ উৎস উদ্ভাৱন কৰিছে বিজ্ঞানীসকলে। ইয়াৰ জৰিয়তে চন্দ্ৰৰ উষ্ণতা সহ্য কৰি তাৰ পৰা গৱেষণা কৰিব পৰা যাব বুলি দাবী কৰা হৈছে । ব্ৰিটেইনৰ বিজ্ঞানীৰ এটা দলে চন্দ্ৰত শক্তিৰ উৎস হিচাপে পাৰমাণৱিক ইন্ধন কোষ প্ৰস্তুত কৰিছে। ইয়াৰ নাম ট্ৰাইছ’ফিউৱেল ৰখা হৈছে। সেই কোষে মহাকাশচাৰীসকলৰ বাবে লজিষ্টিক যোগান ধৰিব।
শেষবাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল ১৯৭২ চনত নাছাৰ এপ’ল’ ১৭ অভিযানত। তেতিয়াৰ পৰা পৃথিৱীৰ পৰা কোনো মহাকাশচাৰীয়ে চন্দ্ৰলৈ যোৱা নাই। অৱশ্যে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰলৈ মানুহ পঠোৱাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। নাছাই আৰ্টেমিছ অভিযানৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত চন্দ্ৰত এটা আউটপোষ্ট নিৰ্মাণৰ চেষ্টা চলাইছে। ভৱিষ্যতে হয়তো চন্দ্ৰক মহাকাশ গৱেষণাৰ বাবে নতুন ষ্টেচনলৈ ৰূপান্তৰিত কৰা হ’ব। যাৰ মাজেৰে দূৰৈৰ গ্ৰহলৈ যাত্ৰা কৰাটো সহজ হ’ব। মহাকাশচাৰীয়ে চন্দ্ৰত জিৰণি ল’ব পাৰে। বিশেষকৈ মংগল গ্ৰহ অভিযানত চন্দ্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে।
ব্ৰিটেইনৰ বেংগ’ৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে চন্দ্ৰত শক্তিৰ উৎস সৃষ্টি কৰিছে। দাবী কৰা হৈছে যে মানুহ বা যিকোনো প্ৰাণীক প্ৰায় ২৫০ ডিগ্ৰী তললৈ নামি অহা উষ্ণতাত তেওঁলোকে নিৰ্মাণ কৰা পাৰমাণৱিক ইন্ধন কোষৰ জৰিয়তে জীয়াই ৰাখিব পাৰি। ব্ৰিটিছ বিজ্ঞানীৰ দলটোৱে নাছা, ব্ৰিটিছ স্পেচ এজেন্সী আৰু আমেৰিকাৰ বিজ্ঞানীসকলৰ সৈতেও কাম কৰিছিল। তেওঁলোকে উৎপন্ন কৰা নিউক্লিয়াৰ কোষবোৰ পৰীক্ষাৰ বাবে আন ঠাইলৈ প্ৰেৰণ কৰা হৈছে।
ট্ৰাইছ’ফুৱেলে কেনেকৈ কাম কৰিব? ইয়াৰ জৰিয়তে চন্দ্ৰত এটা মাইক্ৰ’ নিউক্লিয়াৰ জেনেৰেটৰ শক্তি প্ৰদান কৰিব পাৰি। ২০৩০ চনৰ ভিতৰত এই জেনেৰেটৰ আৰু নিউক্লিয়াৰ কোষক পৰীক্ষামূলকভাৱে ব্যৱহাৰযোগ্য কৰি তোলাৰ প্ৰচেষ্টা চলি আছে।