দিল্লীৰ অক্ষৰধাম মন্দিৰত পূজা কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। তেওঁৰ লগত আছিল তেওঁৰ পত্নী অক্ষ্তা মূৰ্তি। দেওবাৰে পুৱা মন্দিৰত পূজা কৰা দেখা গ’ল সপত্নীক ছুনাকক। তেওঁলোকে আৰতিতো অংশগ্ৰহন কৰে । দিল্লীত অৱতৰণ কৰাৰ সময়ত ছুনাকে কয় যে তেওঁ দেশৰ কিছুমান মন্দিৰ পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে । উদ্যোগপতি নাৰায়ণমূর্তিৰ জোঁৱাই ছুনাকে দেওবাৰে পৰিকল্পনা অনুসৰি অক্ষৰধাম মন্দিৰলৈ যায়৷
ছুনাকৰ এই মন্দিৰ-ভ্ৰমণৰ বাবে কাষৰীয়া অঞ্চলটোত পুৱাৰে পৰা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল। নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে ছুনাক। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। ভাৰত ভ্ৰমণৰ সময়ত ছুনাকে কয় যে তেওঁ এজন ‘গৌৰৱান্বিত হিন্দু’। ভাৰতীয় মূলৰ ৰাজনীতিবিদগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি তেওঁৰ “অসীম সন্মান” আছে বুলিও কয়।
দেওবাৰে মন্দিৰত পূজা আগবঢ়োৱাৰ অন্তত আন ৰাষ্ট্ৰপতিৰ সৈতে ৰাজঘাটলৈ গৈ গান্ধী স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনায় ছুনাকে। ইয়াৰ পূৰ্বে যোৱা মে’ মাহত জাপানৰ হিৰোছিমাত অনুষ্ঠিত জি-৭ৰ বৈঠকত মোডী আৰু ছুনাকৰ মাজত মুখামুখি আলোচনা হৈছিল। ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্যৰ বিষয়ে সেই সময়ত দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত আলোচনা হৈছিল।