নেদাৰলেণ্ডত পৰিৱেশ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে পানীৰ হিলৈ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। কিন্তু আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদ অব্যাহত ৰাখিছে পৰিৱেশকর্মীসকলে ৷ সমগ্ৰ দেশতে কমেও ২৪ হাজাৰ পৰিৱেশ কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
যোৱা শনিবাৰে নেদাৰলেণ্ডৰ ৰাজপথত লাখ লাখ পৰিৱেশ কৰ্মীয়ে জীৱাশ্ম ইন্ধনৰ বাবে চৰকাৰী ৰাজসাহায্য বন্ধ কৰাৰ দাবী জনাইছিল। হেগৰ এ১২ ৰাষ্ট্ৰীয় পথত অনুষ্ঠিত হয় মূল প্ৰতিবাদী সমদল। প্ৰশাসনৰ নিষেধাজ্ঞাক আওকাণ কৰি সেই পদযাত্ৰাত ১০ হাজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিছিল। পিছত সেই ৰাস্তাটো অৱৰোধ কৰে তেওঁলোকে । যাৰ বাবে যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মিছে।
এ১২ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদত যুৱক-যুৱতীৰ উপস্থিতি লক্ষ্যণীয় হৈ পৰিছিল। প্ৰতিবাদো আছিল বেলেগ ধৰণৰ। প্লেকাৰ্ড-পোষ্টাৰৰ লগতে বহুতে আনিছিল বিশাল আকাৰৰ গ্ল’ব। তাৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান লিখা হৈছিল। আৰক্ষীয়ে এক বিবৃতিত কয় যে সমগ্ৰ দেশৰ পৰা ২৪ হাজাৰ পৰিৱেশ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ মাজত যুৱক-যুৱতীৰ সংখ্যাই অধিক ৷
প্ৰতিবাদকাৰীসকলে ঘোষণা কৰে যে চৰকাৰে ৰাজহুৱা ধনেৰে তেল আৰু গেছ উদ্যোগক ৰাজসাহায্য প্ৰদান কৰিছে। এই ৰাজসাহায্য বন্ধ নোহোৱালৈকে তেওঁলোকৰ আন্দোলন চলি থাকিব।