কেৰালাত আতংক বিয়পাইছে নিপাহে ভাইৰাছে । কেৰালা চৰকাৰৰ তথ্য অনুসৰি নিপা ভাইৰাছত আক্ৰান্ত প্ৰায় আটাইকেইজনেই ৰাজ্যখনৰ কোঝিকোড জিলাৰ বাসিন্দা। নিপা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে জিলাখনৰ ৭খন গাঁৱক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ কেইবাখনো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে যদিও নিপা ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম, তথাপিও ইয়াৰ মৃত্যুৰ হাৰ বহু বেছি। বুধবাৰে বিধানসভাত চিপিআইৰ বিধায়ক পি বালাচন্দ্ৰনে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে কেৰালাত আতংকৰ কাৰণ হৈ পৰা ‘বাংলাদেশ’ ৰূপৰ নিপা ভাইৰাছ এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হৈ আছে।
নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীয়ে কোঝিকোড মেডিকেল কলেজত নিপা ভাইৰাছ ৰোগীৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষাৰ বাবে এটা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ স্থাপন কৰিছে। বুধবাৰে পুৱা পুনেৰ পৰা কোঝিকোডত উপস্থিত হয় এন আই ভিৰ এটা দল। বুধবাৰে চেন্নাইৰ পৰা বিশেষজ্ঞৰ এটা দল কেৰালাত উপস্থিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চেও নিপা ৰোগীক ৰোগ প্ৰতিৰোধী এন্টিব’ডিৰে সহায় কৰিব বিচাৰিছিল বুলি ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰকাশ কৰে।
কেৰালাৰ কোঝিকোড জিলাত কমেও চাৰিজন লোক নিপা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি ৩০ আগষ্টৰ পিছত সোমবাৰে কেৰালাৰ কোঝিকোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত “অস্বাভাৱিক” মৃত্যু হয় দুজন লোকৰ । সোমবাৰে সমগ্ৰ কোঝিকোড জিলাত নিপা ভাইৰাছ সন্দৰ্ভত স্বাস্থ্য বিভাগে এক সতৰ্কবাণী জাৰি কৰে। আনহাতে, এই ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ কেৰালা চৰকাৰে ইতিমধ্যে কোঝিকোডত এটা কন্ট্ৰল ৰুম মুকলি কৰিছে।
সমগ্ৰ পৰিস্থিতিত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যবাসীক অনুৰোধ জনাইছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে। মঙলবাৰে তেওঁ কয় যে এতিয়া আতংকিত হোৱাৰ কোনো কাৰণ নাই। মৃত লোক দুজনৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান পোৱা গৈছে। তেওঁলোকৰ চিকিৎসাও আৰম্ভ হৈছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সজাগ হোৱাটো গুৰুত্বপূৰ্ণ। এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সকলোকে অনুৰোধ জনালোঁ।
কোঝিকোড আৰু মালাপ্পুৰম জিলাত নিপা ভাইৰাছৰ সংক্ৰমণ দেখা গৈছে। ২০১৮ চনত এই ভাইৰাছৰ বাবে দুখন জিলাত ১৭ জন লোকৰ মৃত্যু হৈছিল। তাৰ লগতে ১৮ জন আক্ৰান্ত লোকৰ সন্ধান পোৱা গৈছে। ২০২১ চনত এই ভাইৰাছ দুখন জিলাতো সংক্ৰমণ হৈছুইল ৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি নিপা ভাইৰাছে মানুহৰ লগতে জীৱ-জন্তুকো সংক্ৰমিত কৰিব পাৰে। ইয়াৰ সংক্ৰমণ প্ৰধানকৈ বাদুলিৰ পৰা হয় । সাধাৰণতে ৰোগীয়ে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, ঠাণ্ডা, বমি আদি অনুভৱ কৰে।