দেৱবাদ্যক খোলক অপমান কৰি এইবাৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে জনপ্ৰিয় সংগীতশিল্পী অৰূপ বৰুৱা ৷ নগ্ন শৰীৰৰ আৱৰণ হিচাপে খোল ব্যৱহাৰ কৰি এখন ফটো আপলোড কৰিছিল অৰূপে ৷ ইয়াৰ পাছতে তেওঁৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন ৷
গুৰুজনাৰ অমৰ সৃষ্টিক এনদৰে অপমান কৰা কার্যত জাঙুৰ খাই উঠিছে মাজুলীবাসী।ইতিমধ্যে শিল্পী অৰূপজ্যোতি বৰুৱাৰ বিৰুদ্ধে গড়মূৰ থানাত এজাহাৰ দাখিল কৰা হৈছে । গায়ক অৰূপজ্যোতিৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবীৰে মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেণ শইকীয়াই দাখিল কৰিছে এই এজাহাৰ।এজাহাৰ দাখিল কৰি শইকীয়াই কয় যে ইয়াৰ জৰিয়তে বৈষ্ণৱ সংস্কৃতিক অপমান কৰিছে ৷ সেয়েহে অৰূপক তাৎক্ষণিকভাৱে শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অৰূপ বৰুৱা কাল্টিভেটৰ নামৰ এটা জনপ্ৰিয় বেণ্ডৰ সৈতে জড়িত ৷