VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি, এতিয়াও মৰ্গত পৰি আছে ৯৬টা অচিনাক্ত মৃতদেহ

voicedesk by voicedesk
September 15, 2023
in মুখ্য সংবাদ
মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি, এতিয়াও  মৰ্গত পৰি আছে  ৯৬টা অচিনাক্ত মৃতদেহ
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

বিগত চাৰি মাহৰো অধিক কালজুৰি মণিপুৰত উত্তপ্ত পৰিস্থিতি অব্যাহত আছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা  চাৰি মাহৰ হিংসাত্মক পৰিস্থিতিত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৫ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৯৬জন নিহত লোকৰ মৃতদেহ চিনাক্ত কৰিব পৰা নগ’ল। আহত হৈছে  ১,১১৮ জন। সাম্প্ৰদায়িক হিংসাত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৩৩ জন লোক নিৰুদ্দেশ হৈছে। আৰক্ষীৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে সাম্প্ৰদায়িক হিংসাৰ সময়ত মুঠ ৫১৭২টা অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত ৪৭৮৬ টা ঘৰ আৰু কাৰ্যালয়ৰ লগতে ৩৮৬ টা উপাসনাস্থলী আছে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ তালাচী অভিযানৰ সময়ত ৩৬০টা বাংকাৰ ধ্বংস হয়।

 

কিন্তু হিংসাত্মক মণিপুৰত লুণ্ঠন কৰা চৰকাৰী অস্ত্ৰ-শস্ত্ৰক লৈ আৰক্ষী-প্ৰশাসনৰ নিদ্ৰাহৰণ হৈছে ৷ মণিপুৰত ৩ মে’ৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক হিংসাত্মক ঘটনাত বিভিন্ন থানা আনকি জিলা আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰৰ পৰাও ৫৬৬৮টা আগ্নেয়াস্ত্ৰ আৰু প্ৰায় ৫ লাখ গুলী লুটপাত হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি উদ্ধাৰ হৈছে ১,৩২৯টা আগ্নেয়াস্ত্ৰ আৰু ১৫,৫০০ কাৰ্টিজ। ৪০০টা বোমাও জব্দ কৰা হয়। মণিপুৰ আৰক্ষীয়ে এই নিৰুদ্দেশ হোৱা আগ্নেয়াস্ত্ৰক ৰাজ্যৰ শান্তি ঘূৰাই অনাৰ পথত এক ডাঙৰ বাধা বুলি গণ্য কৰে। এনে পৰিস্থিতিত মেইটেই আৰু কুকি অধ্যুষিত অঞ্চলত ১২৮টা চেক প’ষ্ট স্থাপন কৰি কঠোৰ চোৰাংচোৱাগিৰি আৰম্ভ কৰা হৈছে। এই পৰিৱেশত মেইটেইসকলে দাবী কৰে যে মিশ্ৰিত জনসংখ্যাৰ অঞ্চলসমূহত অশান্তিৰ নতুন পৰিৱেশ আহিব পাৰে বুলি আশংকা কৰা হৈছে ৷

 

প্ৰসংগক্ৰমে আগষ্ট মাহত মণিপুৰৰ ৪০ জন মেইটেই বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা এখন পত্ৰত অসম ৰাইফলছৰ সলনি মণিপুৰত ‘বিশ্বাসযোগ্য নিৰাপত্তা বাহিনী’ মোতায়েন কৰাৰ দাবী জনাইছিল। মণিপুৰৰ হিংসাৰ প্ৰাৰম্ভিক দিনৰে পৰা আছাম ৰাইফলছ বাৰে বাৰে বিতৰ্কত সোমাই পৰিছে ৷

 

Previous Post

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

Next Post

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7