অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৪ তম তিৰোভাৱ তিথি ৷ এই তিৰোভাৱ তিথিত আজি নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ ৷ আজি পুৱাৰে পৰা ভকত বৈষ্ণৱসকলে সত্ৰ- নামঘৰসমূহত নাম-প্ৰসংগেৰে নেদেখাজনৰ শ্ৰীচৰণত প্ৰার্থনা কৰে ৷ প্ৰায়বোৰ সত্ৰ-নামঘৰতে আজি এই উপলক্ষে ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত ভক্তসকলে ধূপ-নৈবদ্য আগবঢ়াই প্ৰার্থনা জনায় ৷
শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান তথা অসমৰ প্ৰথম সত্ৰ বটদ্ৰৱাত আজি দিনজোৰা কায্যসূচীৰে শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। কালি সন্ধিয়া গন্ধ উৎসৱ আৰু ৰাম ধেমালিৰে আনুস্থানিকভাবে তিৰোভাৱ তিথি উদযাপনৰ কাৰ্যসূচী আৰম্ভ হয় ৷ ইয়াৰ লগত সংগতি ৰাখি বৰদোৱাৰ সৰুহিচাত যুৱক বৃন্দৰ দ্বাৰা ওৰে নিশা নাম কীৰ্তন কৰি পুৱা অঞ্চলজুৰি ৰাইজৰ দ্বাৰা উষা কীৰ্তন কৰা হয়। পুৱা আইসকলৰ নাম, খোল প্ৰসংগ, দুপৰীয়া কীৰ্তন ঘৰ, পদশীলা আৰু দৌল মন্দিৰত নাম প্ৰসংগৰ পিছতেই প্ৰসাদ বিতৰণ কৰা হয়। সন্ধিয়া নৰোৱা সত্ৰৰ স্থানীয় শিল্পী সকলৰদ্বাৰা ভাওনা পৰিবেশন কৰা হ’ব।