বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাডু সিঙক অপসাৰণৰ দাবীৰে বিশাল প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ অহা ৩০ ছেপ্তেম্বৰত এই প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিব এবছুৱে ৷ আজি এই কথা সদৰী কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ১০ হেজাৰ লোকৰ উপস্থিতিত এই প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰা হ’ব ৷
উল্লেখ্য যে উপাচার্যক অপসাৰণৰ দাবীৰে দীর্ঘদিন ধৰি এবছুৱে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ৷ বিশ্ববিদ্যালয় চৌহদত ধর্ণা কার্যসূচীৰ লগতে গুৱাহাটীতো এবছুৱে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল ৷ তেওঁলোকৰ মতে উপাচার্যৰ আমোলাত বিশ্ববিদ্যালয়খনত অনিয়ম সংঘটিত হৈছে ৷ যাৰ বাবে ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠানখনৰ মান নিম্নগামী হৈছে ৷
অৱশ্যে এইক্ষেত্ৰত উপাচার্যৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগত ৰুজু হোৱা দুটা গোচৰৰ বিষয়ে উল্লেখ কৰে এবছুৰ সভাপতি গৰাকীয়ে ৷ বড়োৰ মতে দুর্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাছত ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা এজন উপাচার্যই কেনেকৈ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে ?