১ কোটি গছপুলি ৰোপনেৰে চৰকাৰে সেউজ অভিলেখ সৃষ্টিৰ প্ৰয়াস চলোৱাৰ সময়তে এতিয়াও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বনধ্বংস অভিযান ৷ আজি কোকৰাঝাৰত বনধ্বংসত লিপ্ত চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান চলায় বন বিভাগে ৷ হাবিৰ পৰা চোৰাঙকৈ গছ কাটি লৈ অহাৰ সময়তে বনবিভাগে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে ৷ কিন্তু তেওঁলোকে বনবিভাগৰ লোকসকলক আক্ৰমণৰ চেষ্টা চলায় ৷ যাৰ পৰিণতিত দুয়োপক্ষৰ মাজত সংঘর্ষৰ সৃষ্টি হয় ৷ বনবিভাগৰ লোকৰ গুলীত এজন চোৰাং কাঠবেপাৰী নিহত হয় ৷
বন বিভাগৰ লোকৰ গুলীত নিহত হয় হেমন্ত বসুমতাৰী নামৰ লোকজনৰ । এনকাউণ্টাৰক কেন্দ্ৰ কৰি কোকৰাঝাৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ৷ একাংশ স্থানীয় লোকে বনবিভাগৰ বাহন আৱদ্ধ কৰি ৰাখে ৷ছেৰফাংগুৰিৰ জ্ঞানীপুৰৰ বাসিন্দা আছিল নিহত হেমন্ত ৷ ঘটনাস্থলীৰ পৰা বনবিভাগে উদ্ধাৰ কৰিছে ১৬ খন চাইকেল ৷ উক্ত অঞ্চলটোত দীর্ঘদিন ধৰি বনধ্বংস চলি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷