নৰ্মদা বচাও আন্দোলনৰ ৩৮ বছৰ উপলক্ষে মধ্যপ্ৰদেশৰ বাৰৱাণীত ১৫-১৬ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ‘নদী ৰক্ষা কৰক,পানী আৰু প্ৰাণী বচাওক’ শীৰ্ষক এক সন্মিলন অনুষ্ঠিত হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ নদী ৰক্ষা,বান্ধ নিৰ্মাণ বন্ধ কৰাৰ সপক্ষে আন্দোলন কৰা,বানপানী সম্পৰ্কীয় বিষয়সমূহত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা দেশৰ বিভিন্ন সংগঠনৰ নেতাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। দেশৰ বিভিন্ন প্ৰান্তত পানী, মাটি আৰু বনাঞ্চল ৰক্ষাৰ দাবীত সংগঠিত গণ আন্দোলনৰ জৰিয়তে সংসদীয় ৰাজনীতিলৈ অহা কেইবাগৰাকীও সাংসদ, প্ৰাক্তন সাংসদ, বিধায়কক আমন্ত্ৰণ জনোৱা হয়। তাৰে ভিতৰত বৰ্তমানৰ বিহাৰৰ সাংসদ অনিল হাদৰে, প্ৰাক্তন পশ্চিম বংগৰ সাংসদ দেৱ প্ৰসাদ ৰয়, মধ্য প্ৰদেশৰ প্ৰাক্তন বিধায়ক ড৹ সুনীলম আদিয়ে সন্মিলনত অংশগ্ৰহণ কৰে। সমান্তৰাল ভাৱে উচ্চতম ন্যায়ালয়ৰ সঞ্জয় পাৰিক, নদী বিজ্ঞানী ড৹ সুপ্ৰতিম আদিৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ আন্দোলনকাৰী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷
ৰাষ্ট্ৰীয় সন্মিলন খনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বৰ্তমান অৱস্থা, ইয়াত থকা আৰু নিৰ্মীয়মান বান্ধ সমূহৰ বিষয়ে আলোচনাত উপস্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । লগতে পাম অইল, ৰামদেৱৰ দৰে ব্যক্তিক মাটি প্ৰদান, শিলসাঁকোৰ উচ্ছেদ ইত্যাদি সাম্প্ৰতিক অসমৰ বিষয়সমূহো তেওঁ আলোকপাত কৰে। সন্মিলনত উপস্থিত দেশৰ বিভিন্ন ক্ষেত্ৰত নেতৃবৃন্দৰ সমূখত অসমৰ জাতীয় সহমতক উপেক্ষা কৰি দিল্লীয়ে অসমৰ নদী সমূহৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি অসমৰ নদী সমূহক ধংস কৰায়ে নহয় অসমবাসীক হত্যা কৰিব বিচৰা বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে বিদ্যুৎ শইকীয়াই। এই ক্ষেত্ৰত বিজেপিৰ আৰু কংগ্ৰেছ দুয়োটা দলৰে নীতি আৰু আদৰ্শ একেই, অসমৰ সম্পদ লুণ্ঠন কৰি তেওঁলোকৰ পুজিপতি বন্ধু সকলৰ স্বাৰ্থ সুৰক্ষিত কৰা বুলিও সন্মিলনত মন্তব্য কৰে তেওঁ ।
ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত অৰুণাচল প্ৰদেশত নিৰ্মাণৰত বৃহৎ নদীবান্ধ সমূহৰ সমান্তৰালভাৱে চীনে নিৰ্মাণ কৰা ভয়াবহ নদীবান্ধ সমূহৰ নামনি অংশৰ প্ৰভাৱে অসমক কেনেকৈ নিঃশেষ কৰিব সেয়া তথ্য সহকাৰে ৰাষ্ট্ৰীয় সন্মিলন খনত অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে নিমন্ত্ৰিত প্ৰতিনিধি কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াই তথ্য সহকাৰে উপস্থাপন কৰে। আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত চিন্তন আৰু এক্যবদ্ধ আন্দোলনৰ বাবে আহ্বান জনাই।
সন্মিলনত ভাৰতবৰ্ষৰ নদী সমূহ ৰক্ষাৰ কাৰণে নদীবিজ্ঞানী,উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ, সমাজবিজ্ঞানী, সমাজকৰ্মীসকলৰ উপস্থিতি, আলোচনা, পৰামৰ্শক্ৰমে ‘নদী সংৰক্ষণ,সুৰক্ষা তথা পুনৰজীৱন’ নামেৰে এখন অধিনিয়ম প্ৰস্ত্তত কৰা হয় । ৰাজ্যসভাত এই বিলখন দাখিল কৰাৰ দায়িত্ব গ্ৰহণ কৰা ৰাজ্যসভাৰ সাংসদ অনিল হেগ্ৰী এ বক্তব্য প্ৰদান কৰি বিধেয়ক খন ৰাজ্যসভাৰ মজিয়ালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ভাৰতবৰ্ষৰ বিশিষ্ট নেতা মেধা পাটকাৰ আৰু ডক্তৰ চুনিলমজী আদিয়ে স্বাক্ষৰ কৰা বিধেয়ক খনৰ অসমৰ অন্যতম স্বাক্ষকাৰী বিদ্যুৎ শইকীয়াই অসমক প্ৰতিনিধিত্ব কৰে ।