কাইলৈ বিশ্ব খনিকৰ বিশ্বকর্মা পূজা ৷ এই উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰস্তুতি ৷ ৰাজ্যৰ বজাৰসমূহ এতিয়া ভৰি পৰিছে পূজাৰ সামগ্ৰীৰে ৷ ৰং-বিৰঙী মালাৰ পৰা আৰম্ভ কৰি সৰু –বৰ মৃণ্ময় মূর্ত্তিলকৈ সকলো সামগ্ৰী বজাৰত উপলব্ধ হৈছে ৷ বিশেষকৈ মহানগৰীৰ মালিগাওঁ, ফাঁচীবজাৰ,কাছাৰী, চানমাৰি, নাৰেংগী, গণেশগুৰি , বশিষ্ঠ আদি অঞ্চলসমূহত বিশ্বকর্মা পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকলে নির্মাণ কৰা মৃণ্ময় মূর্ত্তি ক্ৰয় কৰিবলৈ ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ সৰু আকৃতিৰ পৰা বৃহৎ আকৃতিলৈকে বিভিন্ন প্ৰকাৰৰ মৃণ্ময় মূর্ত্তি বজাৰসমূহত উপলব্ধ হৈছে ৷ মৃণ্ময় মূর্ত্তিসমূহৰ মূল্য ১২০ টকাৰ পৰা ৪-৫ হেজাৰ পর্যন্ত নির্ধাৰণ কৰা হৈছে ৷
তদুপৰি গাড়ী সজোৱা ৰং-বিৰঙী ফুলৰ মালাৰে বজাৰ ভৰি পৰিছে ৷ এই ৰং-বিৰঙী প্লাষ্টিকৰ ফুলৰ মালাসমূহৰ দাম ৩০ টকাৰ পৰা ১০০ টকা পর্যন্ত নির্ধাৰণ কৰা হৈছে ৷ বিভিন্ন চৰকাৰী-বেচৰকাৰী কল –কাৰখানা, উদ্যোগ আদিত বিশ্বকর্মা পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷