ব্ৰাজিলত বিমান দুৰ্ঘটনাত নিহত হৈছে ১৪ জন যাত্ৰী ৷ উত্তৰ আমাজনত যাত্ৰীসহ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। নিহতসকলৰ মুঠ ১২ জন যাত্ৰী আৰু দুগৰাকী বিমান পৰিচাৰিকা। স্থানীয় প্ৰশাসনে জনোৱা মতে, এই দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হয়।
সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি উত্তৰ আমাজনৰ ৰাজধানী মানাউছৰ পৰা ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাৰ্চেলছ প্ৰদেশত সংঘটিত হৈছে এই দুৰ্ঘটনা। ব্ৰাজিলৰ জনপ্ৰিয় পৰ্যটন স্থলী বাৰ্চিলোনা। আমাজনৰ উপনৈ ৰিঅ’ নিগ্ৰোৰ কাষে কাষে এই অঞ্চলটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰে। আনকি, বিদেশী পৰ্যটকৰ আগমন ঘটে ৷
এই বাৰ্চিলোনাই আছিল মানাউছৰ পৰা বিমানখনৰ গন্তব্যস্থান। এক্স-হেণ্ডেলযোগে দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰে আমাজনৰ গৱৰ্ণৰ উইলছন লিমাই। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
মানাউছ এয়াৰটেক্সি বিমান সংস্থাই এক বিবৃতিযোগে ১৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। কেনেদৰে দুৰ্ঘটনা সংঘটিত হয় সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। ব্ৰাজিলত সৰু সৰু বিমান বা এয়াৰ টেক্সি কম দূৰত্বৰ বাবে চলি থাকে। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনেও একে সেৱা আগবঢ়োৱাৰ কথা আছিল। এই বিমানখনৰ মুঠ ১৮ জন লোক কঢ়িয়াব পৰা ক্ষমতা আছিল।
দুৰ্ঘটনাটোত নিহত লোকজনৰ পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই। ব্ৰাজিলৰ একাংশ সংবাদ মাধ্যমে বিমানখনত কেইজনমান আমেৰিকান নাগৰিক থকাৰ বাতৰি প্ৰকাশ কৰিছে।