বিশ্বকাপৰ পূৰ্বে বিচিচিআইয়ে দেশৰ বিখ্যাত লোকক বিশেষ টিকট প্ৰদান কৰিছে ৷ যাক ‘গোল্ডেন টিকট’ বুলি কোৱা হয়। অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰক ইতিমধ্যে সেই টিকট দিয়া হৈছে। এইবাৰ সোণালী টিকট ৰজনীকান্তৰ হাতত অর্পণ কৰা হ’ল। দক্ষিণৰ চিনেমাৰ তাৰকাগৰাকীক এই টিকটটো উপহাৰ দিয়ে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে।
ফলত ৰজনীকান্তক বিশ্বকাপৰ বিশেষ অতিথি হিচাপে স্বীকৃতি লাভ কৰে। অৰ্থাৎ তেওঁ আৰু তেওঁৰ পৰিয়ালে বিশ্বকাপৰ খেল চাবলৈ আহিলে বিশেষ সেৱা লাভ কৰিব। সকলো ব্যৱস্থা ব’ৰ্ডে কৰিব। ৰজনীকান্তক বিগত কেইবাখনো ভাৰতীয় মেচত দৰ্শকৰ মাজত খেলা দেখা গৈছে। এইবাৰ ভাৰতৰ প্ৰথমখন খেল ৰজনীকান্তৰ গৃহ চহৰ চেন্নাইত অনুষ্ঠিত হ’ব । সেই মেচত দেখা যাব পাৰে তামিল চিনেমা ‘থালাইভা’ক।
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে সুনীল গাভাস্কাৰে ব’ৰ্ডৰ এই পদক্ষেপৰ কথা কৈছিল। তেওঁ লিখিছিল, “ব’ৰ্ডৰ তালিকাত আৰু কোন আছে নাজানো। কিন্তু আশা কৰা হৈছে যে ইছৰোৰ মুৰব্বীক, যাৰ অধীনত ভাৰতে চন্দ্ৰত অৱতৰণ কৰিছিল, তেওঁকো এই টিকট দিব লাগে ৷ ভাৰতৰ হৈ খেলা সকলোকে এই টিকট দিয়া সম্ভৱ নহয়। কিন্তু মেচ অনুষ্ঠিত হোৱা ৰাজ্যিক সংগঠনটোৱে নিজ নিজ ৰাজ্যৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰক নিমন্ত্ৰণ কৰিলে বৰ ভাল হ’ব।”
অৱশ্যে গাভাস্কৰে অনুভৱ কৰে যে গ’ল্ডেন টিকট দুজন মানুহক দিব লাগিব। তেওঁ লিখিছে, “দুজন প্ৰথমে গ’ল্ডেন টিকটৰ বাবে যোগ্য ৷ কপিল দেৱ আৰু মহেন্দ্ৰ সিং ধোনী। ভাৰতৰ বিশ্ব বিজয়ী দুগৰাকী অধিনায়ক। ইয়াৰ উপৰিও অলিম্পিক আৰু বিশ্ব এথলেটিকছৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাকো দিয়া উচিত।”