ৰীমা দাসৰ ছবি মানেই যেন ব্যতিক্ৰম ৷ অসমীয়া ছবিক বিশ্ব দৰবাৰলৈ লৈ যোৱা এইগৰাকী বিশিষ্ট ছবি নির্মাতাৰ নতুন ছবি তৰা’জ হাজবেণ্ড আজিৰে পৰা ছবিগৃহত মুক্তি লাভ কৰিছে ৷ ৰাজ্যৰ ৩৬ টা ছবিগৃহত মুক্তি লাভ কৰিছে ৰীমা দাসৰ ছবিখনে ৷ ক’ভিডৰ সময়ৰ এহাল দম্পত্তীৰ জীৱন সংগ্ৰামক লৈ ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে ৷
প্ৰায় দুমাহৰ বিৰতিৰ পিছত অসমৰ ছবিগৃহত এখন অসমীয়া চলচ্চিত্ৰই মুক্তি লাভ কৰিছে ৷ মুখ্য চৰিত্ৰসমূহত কোনো প্ৰতিষ্ঠিত অভিনেতা নোলোৱাকৈ পৰিচালকে পতি-পত্নীৰ সম্পৰ্ক ছবিখনৰ জৰিয়তে উপস্থাপন কৰিছে ৷ কালি ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈ যায় ৷ প্ৰিমিয়াৰ উপভোগ কৰা প্ৰতি গৰাকী দর্শকে ছবিখনৰ ভূয়সী প্ৰশংসা কৰিছে ৷ বিশেষকৈ ছবিখনৰ নির্মাণশৈলী যথেষ্ট সুকীয়া বুলি একেমুখে দর্শকসকলে প্ৰকাশ কৰিছে ৷ ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে অভিজিৎ দাস, তৰালি কলিতা দাস আৰু ভুমন ভার্গৱ দাস ৷