পুনৰ বহিঃৰাজ্যত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ’ল অসমৰ দুই যুৱকৰ মৃতদেহ ৷ নাগালেণ্ডত উদ্ধাৰ হৈছে অসমৰ দুই যুৱকৰ মৃতদেহ ৷ নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে যুৱক দুজনৰ মৃতদেহ। অর্ধ- উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱক দুজনৰ ক্ষত-বিক্ষত মৃতদেহ। মৃত যুৱক দুজন ললিত নাওহলীয়া আৰু উৎপল তাছাৰ বুলি চিনাক্ত কৰা হৈছে।দুয়োজন সোণাৰিৰ বাসিন্দা ৷
উল্লেখযোগ্য যে, যোৱা ২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ দোকানৰ সা-সামগ্ৰী আনিবলৈ গৈছিল যুৱক দুজন ৷ বজাৰ-সমাৰ কৰি ২৩ ছেপ্টেম্বৰত তেওঁলোক ওভতি অহাৰ কথা আছিল ৷ কিন্তু ওভতি অহাৰ পথত যুৱক দুজনৰ লগত যোগাযোগ বিচ্ছিন্ন হয়। কোনো শুংসূত্ৰ নোপোৱাত ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ লগে লগে অসম আৰক্ষীয়ে নাগালেণ্ডৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে ৷ নাগালেণ্ড আৰক্ষীয়ে আজি যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ পৰিয়ালৰ লোকসকলে যুৱক দুজনক কোনো লোকে হত্যা কৰা বুলি অভিযোগ কৰিছে ৷