ভোটাৰ তালিকাত নাম নাছিল। যাৰ বাবে ছত্তীশগড়ৰ এজন ৯০ উর্ধৰ বৃদ্ধই ইমান দিনে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাছিল । অৱশেষত ভোটাৰ তালিকা সংশোধন কৰিবলৈ ঘৰে ঘৰে যাওঁতে বিষয়টো নির্বাচন আয়োগৰ কৰ্মীসকলৰ দৃষ্টিগোচৰ হয়। ভোটাৰ তালিকাত নাই ৯৩ বছৰত প্ৰৱেশ কৰিবলৈ ওলোৱা শ্বেৰ সিং হেডকোৰ নাম। চলিত বৰ্ষৰ শেষত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । সেয়েহে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰা হ’ল হেডকোৰৰ ৷ জীৱনত প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰিবলৈ বাবে তেওঁ আগ্ৰহী হৈ পৰিছে ৷ ইয়াক লৈ আনন্দ প্ৰকাশ কৰিছে নির্বাচন আয়োগৰ কর্মচাৰীসকলো ৷
শ্বেৰ সিঙৰ ঘৰ ছত্তীশগড়ৰ ভাইশংকৰ গাঁৱত। এই গাঁওখন সেই ৰাজ্যৰ ভানুপ্ৰতাপপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত। দেশৰ প্ৰথম স্বাধীনতা দিৱস নিজ চকুৰে দেখা এই বৃদ্ধজনে এবাৰো ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে। শেহতীয়াকৈ নিৰ্বাচনী আয়োগে নিৰ্বাচনমুখী ছত্তীশগড়ত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ নতুন ভোটাৰৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰিছে। সেই কামটো কৰি থাকোঁতে শ্বেৰ সিঙৰ ভোটাধিকাৰ নাই বুলি তেওঃলোক অৱগত হয় ।
সেই অঞ্চলৰ নিৰ্বাচন আয়োগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ কোছমাই কয় যে চৰকাৰী নথি-পত্ৰত কিছু ভুলৰ বাবে ইমান দিনে ভোটাৰ তালিকাত বৃদ্ধজনৰ নাম অহা নাছিল ৷ সকলো প্ৰক্ৰিয়া শুধৰণি কৰি সম্পূৰ্ণ কৰা হৈছে বুলিও তেওঁ কয়। সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ শেষত জীৱনত প্ৰথমবাৰৰ বাবে ছত্তীশগড় বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ প্ৰয়োগ কৰিব শ্বেৰ সিঙে।