নতুন দিল্লীৰ সংসদ ভৱনত ভাষণ প্ৰদান কৰিব অসমৰ এজন কিশোৰে ৷ অহা গান্ধী জয়ন্তীৰ দিনাই সংসদ ভৱনত ভাষণ প্ৰদান কৰিবলৈ নিৰ্বাচিত হৈছে অসমৰ ছাত্ৰ ভার্গৱ শইকীয়া। দেশৰ আন ২৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে সংসদ ভৱনত ভাষণ প্ৰদানৰ বাবে নিৰ্বাচিত হৈছে আমগুৰি দেউৰজা আভয়পুৰীয়া গাঁৱৰ ভাৰ্গৱ শইকীয়া।
উল্লেখ্য যে নৃত্য গীত সকলোতে পার্গত হৈছে ছাত্ৰজন ৷ ইয়াৰ পূর্বে দিল্লীত প্ৰধানমন্ত্ৰীৰ এক অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ সুযোগ লাভ কৰিছিল তেওঁ ৷গান্ধী জয়ন্তীৰ দিনা ভার্গৱে মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে ভাষণ প্ৰদান কৰিব ৷
আজি সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভার্গৱে কয় –“বহুত ভাল লাগিছে ৷ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰী যিকোনো এটা বিষয়ত বক্তৃতা প্ৰদানৰ কোৱা হৈছিল ৷ মই মহাত্মা গান্ধীৰ বিষয়ে ক’বলৈ সিদ্ধান্ত লৈছো ৷ “ এই খবৰে ভার্গৱৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীকে উৎফুল্লিত কৰি তুলিছে ৷