বলীউডৰ কিংবদন্তি অভিনেত্ৰী ৱাহিদা ৰহমানলৈ ২০২১ বর্ষৰ বাবে দাদাছাহেব ফাল্কে বঁটা ঘোষণা কৰা হৈছে ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি এই বটাঁ ঘোষণা কৰে । ভাৰতীয় চিনেমাৰ অন্যতম প্ৰতিভাৱান আৰু মাৰ্জিত অভিনেতা বুলি গণ্য কৰা ৮৫ বছৰীয়া ৱাহিদা ৰেহমান গাইড, প্যাছা, কাগাজ কে ফুল আৰু আদিৰ দৰে ছবিৰে জনপ্ৰিয়তা অর্জন কৰিছিল ৷ ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণ আৰু পদ্মশ্ৰী স্মানেৰে সন্মানিত কৰা হৈছিল ।
দাদাছাহেব ফাল্কে বঁটা দেশৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান আৰু কেন্দ্ৰীয় চৰকাৰে এই বটাঁ প্ৰদান কৰে। এক্সৰ এটা পোষ্টত অনুৰাগ ঠাকুৰে এই কথা ঘোষণা কৰি কয় – “ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অসীম অৱদানৰ বাবে এইবাৰ ৱাহিদা ৰহমানক সন্মানীয় দাদাচাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিবলৈ পাই মই এক অপৰিসীম সুখ আৰু সন্মান অনুভৱ কৰিছো। “
I feel an immense sense of happiness and honour in announcing that Waheeda Rehman ji is being bestowed with the prestigious Dadasaheb Phalke Lifetime Achievement Award this year for her stellar contribution to Indian Cinema.
Waheeda ji has been critically acclaimed for her…
— Anurag Thakur (@ianuragthakur) September 26, 2023
চলিত বৰ্ষৰ শেষৰ ফালে এক অনুষ্ঠানত ৱাহিদা ৰহমানক এই বঁটা প্ৰদান কৰা হ’ব ৷ ইয়াৰ পূৰ্বে দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল ৱাহিদা ৰহমানৰ ঘনিষ্ঠ বান্ধৱী আশা পাৰেখে ৷