গুৱাহাটীত আৰম্ভ হৈছে বিশ্বকাপ ক্ৰিকেটৰ উছাহ-উদ্দীপনা ৷ বিশ্বকাপৰ মূল মেচ অনুষ্ঠিত নহ’লেও গুৱাহাটীত অনুষ্ঠিত হ’ব চাৰিখন প্ৰস্তুতিমূলক মেচ ৷ অহা ২৯ ছেপ্তেম্বৰত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম খন ৱার্ম আপ মেচ ৷ শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত এই মেচখন অনুষ্ঠিত হ’ব ৷
এই মেচত অংশগ্ৰহণৰ উদ্দেশ্যেৰে আজি গুৱাহাটীত উপস্থিত হৈছে শ্ৰীলংকাৰ ক্ৰিকেট টীম ৷ বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত অৱতৰন কৰাৰ পাছত দলটো খানাপাৰাস্থিত ভিভাণ্টালৈ আহে ৷ ইয়াতেই নিশা কটাব দলটোৱে ৷ বিয়লিৰ ভাগলৈ গুৱাহাটীত উপস্থিত হ’ব বাংলাদেশৰ ক্ৰিকেট টীম ৷ আজি সন্ধিয়া দুয়োটা দলে বর্ষাপাৰাত অনুশীলন চলাব ৷
উল্লেখ্য যে বর্ষাপাৰাত অনুষ্ঠিত হ’ব চাৰিখন প্ৰস্তুতি মেচ ৷২৯, ৩০ ছেপ্তেম্বৰ আৰু ২ আৰু ৩ অক্টোবৰত অনুষ্ঠিত হ’ব এই মেচ ৷ ৩০ ছেপ্তেম্বৰত ভাৰত আৰু ইংলেণ্ড , ২অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশ আৰু ৩ অক্টোবৰত আফগানিস্তান আৰু শ্ৰীলংকাৰ মেচ অনুষ্ঠিত হ’ব ৷