এইবাৰ অস্কাৰৰ মঞ্চত জিলিকি উঠিছিল দক্ষিণৰ ছবি ‘আৰ আৰ আৰ’। একাধিক মনোনয়নৰ লগতে যোৱা মাৰ্চ মাহত অকাডেমী বঁটা প্ৰদান অনুষ্ঠানত আৰ আৰ আৰৰ ‘নাটু নাটু’ই শ্ৰেষ্ঠ মৌলিক গীত লাভ কৰিছিল। বিশ্বৰ মঞ্চত এনে সফলতাৰ পাছত আগন্তুক বৰ্ষৰ অস্কাৰৰ দৌৰ ইতিমধ্যে আৰম্ভ হৈছে। ২০২৪ চনৰ অস্কাৰৰ বাবে ভাৰতৰ ‘অফিচিয়েল এণ্ট্ৰি’ চূড়ান্ত হৈছে। এইবাৰ পুনৰ অস্কাৰলৈ যাব দক্ষিণৰ এখন ছবি। কানাড়া পৰিচালক গিৰীশ কাছাৰৱল্লীৰ ছবি ‘২০১৮: এভৰিৱান ইজ এ হিৰো’ অহা বছৰৰ অস্কাৰৰ বাবে ভাৰতে প্ৰেৰণ কৰিছে।
২০১৮ চনত দক্ষিণ কেৰালাত ভয়াৱহ বানপানী হৈছিল। আগষ্ট মাহৰ মাজভাগৰ পৰা ৰাজ্যত বানপানী বৃদ্ধি পাবলৈ ধৰিলে। চৰকাৰী পৰিসংখ্যা অনুসৰি কেৰালাৰ ভয়ংকৰ বানত ৪৮৩ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক নিৰুদ্দেশ হৈছে । সেই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰেক্ষাপটত প্ৰস্তুত কৰা হৈছে ‘২০১৮’ ছবিখনৰ চিত্ৰনাট্য। সেই ছবিখনৰ জৰিয়তে পৰিচালকে দেখুৱাইছিল যে কেনেকৈ বিপদৰ সময়ত ইজনে আনজনৰ কাষত থিয় দিছিল। ছবিখনত মালয়ালম অভিনেতা টবিনো থমাছে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। বক্স অফিচত সফলতা লাভ কৰাৰ উপৰিও ‘২০১৮’ দৰ্শক আৰু সমালোচকেও প্ৰশংসা লাভ কৰে।
২০২৪ চনৰ অস্কাৰ বঁটাৰ বাবে কোনখন ছবি প্ৰেৰণ কৰা হ’ব সেই সন্দৰ্ভত চলিত মাহৰ আৰম্ভণিৰ পৰাই ব্যস্ত হৈ পৰিছে ভাৰতীয় ফিল্ম ফেডাৰেচন। সম্ভাব্য ছবিৰ তালিকাৰ শীৰ্ষত আছিল বাংলা পৰিচালক সুদীপ্ত সেনৰ বিতৰ্কিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’। বাল্কীৰ ‘ঘুমৰ’ আনকি কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ও দৌৰত আছিল। বক্স অফিচৰ অবিশ্বাস্য সফলতা আৰু ‘জাৱান’ৰ জনপ্ৰিয়তাক মনত ৰাখি পৰিচালক এটলীয়ে সেই ছবিখনো অস্কাৰলৈ প্ৰেৰণ কৰিবলৈ উৎসাহিত হৈছিল। অৱশ্যে সকলো ছবি এৰি ‘২০১৮’ অহাবছৰৰ অস্কাৰৰ দৌৰত বাচি থাকিল। যোৱা বছৰ দেশৰ হৈ অস্কাৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল পান নলিনৰ পৰিচালিত গুজৰাটী ছবি ‘চেলো শ্ব’ বা ‘দ্য লাষ্ট ফিল্ম শ্ব’।