বিতর্কৰ সৃষ্টি হ’লেও শিক্ষাসেতুঁ এপ ব্যৱহাৰ বাধ্যতামূলক কৰা হ’ব ৷ অহা ৩ অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলক হ’ব শিক্ষাসেতু প’ৰ্টেল । শিক্ষকৰ লগতে শিক্ষার্থীৰ উপস্থিতি শিক্ষাসেতু প’ৰ্টেলত আপলোড কৰিব লাগিব ৷এপত এই তথ্যসমূহ আপলোড নকৰাসকলৰ বিৰুদ্ধে শিক্ষা বিভাগে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৷ আজি এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ উল্লেখ্য যে বৰ্তমানে ৰাজ্যত আছে ৪৪,৭৩৫খন বিদ্যালয়। ৰাজ্যত সৰ্বমুঠ শিক্ষক-কৰ্মচাৰীৰ সংখ্যা হৈছে ২,৩৫,৩৮৭ গৰাকী। ইয়াৰে প’ৰ্টেলত নাম পঞ্জীয়ন কৰিছে ২,১৩,৬৮৫ গৰাকীয়ে ।
আজি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৪৭,৯৬,৯৮০ জন। ইয়াৰে প’ৰ্টেলত নাম পঞ্জীয়ন কৰা হৈছে ৪৬,০৭,৫৫৮ জনৰ। ২০ ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪৯,২১,১৮৮ জন। লগতে ২৮ ছেপ্টেম্বৰত মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪৮,৪২,৩৮৩ জন।
শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰী কৰা অনুসৰি প্ৰত্যেক বিদ্যালয়ত ৪ জিবি ৰেমৰ টেবলেট যোগান ধৰা হৈছে ৷ শিক্ষাৰ্থী বেছি থকা বিদ্যালয়ত পাচঁটা পর্যন্ত টেবলেট দিয়া হৈছে। শিক্ষকসকলে বিদ্যালয়খন ভালদৰে পৰিচালনা কৰিব লাগে ৷ কাৰো বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ লক্ষ্য চৰকাৰৰ নাই বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
সংবাদমেলত তেওঁ লগতে কয় যে এপ অথবা ছাৰ্ভাৰত কোনো বিসংগতি নাই। নেট নাথাকিলেও উপস্থিতি দিব পাৰিব। এপটোত ফটো আপলোড কৰাৰ লগে লগে ছফ্টৱেৰে নিজে নিজে উপস্থিতি লৈ লয়। এই সকলোখিনি নিয়ন্ত্ৰণ কৰিবলৈ গুৱাহাটীত থাকিব নিয়ন্ত্ৰণ কক্ষ। শীঘ্ৰে শিক্ষকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলিও তেওঁ কয় ৷