এছিয়ান গেমছত পুনৰ সাফল্য লাভ কৰিছে আন এক সাফল্য ৷ এছিয়ান গেমছৰ দৌৰৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসম সন্তান অম্লান বৰগোহাঁইয়ে ৷ পুৰুষৰ ২০০ মিটাৰ হিটত ২১.০৮ ছেকেণ্ডৰ সময়েৰে তৃতীয় স্থান দখল কৰি দেওবাৰে এছিয়ান গেমছত ছেমিফাইনেলত প্ৰৱেশ কৰে অম্লান বৰগোহাঁইয়ে।
এছিয়ান গেমছৰ নিয়ম অনুসৰি প্ৰতিটো হিটত প্ৰথম তিনিজন খেলুৱৈয়ে ছেমি ফাইনেলত স্থান লাভ কৰে ৷ সকলো হিটৰ পৰা শীৰ্ষ চতুর্থ প্ৰতিযোগীয়েও ছেমিফাইনেলত প্ৰৱেশ কৰিব।
২১.০৮ ছেকেণ্ডৰ সময়েৰে নিজৰ হিটত তৃতীয় স্থান দখল কৰি পুৰুষৰ ২০০ মিটাৰ ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে অম্লান বৰগোহাঁয়ে। আজি সন্ধিয়া ৫:২৫ বজাত অনুষ্ঠিত হ’ব ছেমি ফাইনেল। বৰ্তমান দেশৰ সৰ্বাধিক বেগী অসমৰ এই স্প্ৰিণ্টাৰগৰাকীয়ে পুৰুষৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দুয়োটা শাখাতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।
অৱশ্যে মহিলাৰ ২০০ মিটাৰ ফাইনেলৰ বাবে কাট কৰিব নোৱাৰিলে জ্যোতি য়াৰৰাজীয়ে। ভাৰতীয় স্প্ৰিণ্টাৰ গৰাকীৰ সময় আছিল ২৩.৭৮ছেকেণ্ড।