তিনি বছৰীয়া এটি শিশুক যৌন নির্যাতন কৰা এক অপৰাধীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে পকছ’ আদালতে ৷ কামৰূপ(মহানগৰ) জিলাৰ বিশেষ পকছ’ আদালতে শাস্তি প্ৰদান কৰা লোকজন হৈছে নৰেন ডেকা ৷
ফটাশিল-আমবাৰী থানাত ৰুজু হোৱা ২৩৯/২০২২ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(২)(২০২৩) আৰু পকচ’ আইনৰ ৬ ধাৰাৰ অধীনত দোষী সাৱ্যস্ত কৰি নৰেন ডেকাক দোষী সাৱ্যস্ত কৰে ৷ ২৫ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ৫ হেজাৰ টকাৰ জৰিমনা বিহে ডেকাক ৷ এই জৰিমনা আদায় নিদিলে অতিৰিক্ত ৩ মাহৰ বাবে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
উল্লেখ্য যে ২০২২ বর্ষৰ ৯ নৱেম্বৰত যৌন নির্যাতনৰ গোচৰ ৰুজু কৰা হৈছিল ৷ গোচৰ ৰুজু কৰি তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত.২০২২ বর্ষ ২৯ নৱেম্বৰত বিশেষ আদালতত অভিযোগনামা দাখিল কৰা হয় ৷ গোচৰৰ তদন্তকাৰী বিষয়া আছিল ফটাশিল-আমবাৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ঋতুপন গগৈ ৷